ডিব্ৰুগড় বিমানবন্দৰত মন্ত্ৰী ৰূপেশ গোৱালাক সম্বৰ্ধনা, বাগিচাৰ শ্ৰমিকে পাব মাটি-ভেটিৰ অধিকাৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত নকৈ অন্তৰ্ভুক্ত মন্ত্ৰী ৰূপেশ গোৱালাই নিজ সমষ্টি ডুমডুমাত বাহৰ পাতি আছিল যদিও আজি গুৱাহাটীলৈ উভতি আহিছে৷ আজি ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰৰ পৰা গুৱাহাটী অভিমুখে উৰা মৰাৰ পূৰ্বে বিমানবন্দৰত সাংবাদিকক মনৰ কথা প্ৰকাশ কৰে৷ চাহ জনগোষ্ঠীৰ উন্নয়নৰ হকে কাম কৰি যোৱাৰ লগতে জনজাতিকৰণ, চাহ বাগিচাৰ শ্ৰমিকৰ মাটিৰ পট্টা, শিক্ষা আদি বিষয়ক লৈ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে৷ মন্ত্ৰী ৰূপেশ গোৱালাই মুখ্যমন্ত্ৰীয়ে চাহ বাগিচা আৰু আদিবাসী এলেকাৰ লোকৰ হৈ কাম কৰিবলৈ পৰিকল্পনা কৰিছে আৰু যথেষ্ট কাম কৰিছে বুলি দাবী কৰে৷ তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ পৰিকল্পনা যথেষ্ট আছে৷ কিন্তু মই তেওঁক সহযোগহে কৰিব লাগিব৷ পৰিকল্পানসমূহক লৈ আমি বহু সময়ত চৰ্চা কৰিছো৷ আমি একেলগে আগবাঢ়ি গ’লে বাগিচাৰ ৰাইজৰ সমস্যা সমাধান কৰিব পাৰিম৷ কিন্তু বাগিচা ৰাইজৰ সকলো সমস্যা একেলগে সমাধান কৰাটো সম্ভৱ নহয়৷ গোৱালাই গেৰাণ্টী দি কয় যে যোৱা কেইটামান বছৰত যিখিনি কাম হৈছে আৰু অনাগত দিনত যিখিনি কাম হ’ব সেয়া আগৰ চৰকাৰৰ বোৰতকৈ বহু ভাল কাম আৰু আগুৱাই যাব পৰা কাম হৈছে৷ শিক্ষাৰ ক্ষেত্ৰত বাগিচাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে যিখিনি কাম কৰিলে সেইখিনি যুগান্তকাৰী বুলি দাবী কৰি মন্ত্ৰীগৰাকীয়ে কয় যে নতুন মডেল স্কুল স্থাপন কৰা হৈছে৷ ভৱিষ্যতে সেই বিদ্যালয়সমূহ উচ্চতমৰ মাধ্যমিক পৰ্যায়লৈ নিয়া হ’ব৷ বাগিচা এলেকাত নতুনকৈ ১০ খন মহাবিদ্যালয় স্থাপন কৰাৰ ঘোষণা কৰা হৈছে৷ আমাৰ চৰকাৰ বাগিচাৰ শিক্ষাক লৈ যথেষ্ট ছিৰিয়াছ আৰু অতিৰিক্ত শিক্ষক নিযুক্তি আৰু নতুন স্কুল প্ৰাদেশীকিকৰণ কৰা হ’ব৷ জনজাতিৰণৰ বিষয়টোত বিজেপি চৰকাৰে যিমান ছিৰিয়াছ সিমান আন চৰকাৰ নাছিল বুলি দাবী কৰি গোৱালাই কয় যে জনজাতিৰণৰ বিষয়টো বহু দূৰলৈ নিছে৷ জনজাতিকৰণ নোহোৱা পৰ্যন্ত কাম কৰাৰ ব্যৱস্থা কৰিছে৷ চাকৰিত সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে৷ চাহ বাগিচা এলেকাত আজিও শ্ৰমিকৰ মাটি পট্টা নাই আৰু ঘৰ নাই বুলি আক্ষেপ কৰি ডুমডুমাৰ বিধায়কগৰাকীয়ে কয় যে আমি মুখ্যমন্ত্ৰীক এই কথাটো জনাইছো৷ মুখ্যমন্ত্ৰীক আমি জনোৱা দাবীক সমৰ্থন জনাইছে৷ আমি মাটিৰ পট্টা দিবৰ বাবে কাম আৰম্ভ কৰিছো৷ চাহ বাগিচাৰ শ্ৰমিকে মাটি-ভেটিৰ অধিকাৰ পাব৷ ৰূপেশ গোৱালাক বিমানবন্দৰত ডিব্ৰুগড় জিলা অসম চাহ মজদুৰ সংঘৰ বিষয়-ববীয়াসকলে সম্বৰ্ধনা জনায়।

  • Related Posts

    ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি, কবি নীলিম কুমাৰক ‘কুসুমাগ্ৰজ ৰাষ্ট্ৰীয় বঁটা’

    অসমৰ আধুনিক অসমীয়া কবিতাৰ জগতত অন্যতম নাম হৈছে নীলিম কুমাৰ৷ নীলিম কুমাৰৰ কবিতা ৰাজ্যৰ লগতে ৰাষ্ট্ৰব্যাপি চৰ্চিত হৈ আহিছে৷ পেচাত চিকিৎসক নীলিম কুমাৰে ১৯৮৪ চনৰ পৰা কবিতাৰ চৰ্চা কৰিছিল৷ অসমৰ…

    গাফিলতা কৰিছিল অভিযন্তা-ঠিকাদাৰে, ভাঙি পেলোৱা হ’ব পাৰে ২০০৪ত নিৰ্মাণ কৰা ছয়মাইল সেঁতু

    গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ গণেশগুৰি-খানাপাৰা সংযোগী পথত নিতৌ পথচাৰীয়ে যমৰ-যাতনা ভূগিবলীয়া হৈছে৷ অসম সচিবালয়, প্ৰশাসনিক কলেজ, পশু চিকিৎসা মহাবিদ্যালয়, চাহ নিলাম কেন্দ্ৰ, ব্যক্তিগত-চৰকাৰী বহু কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ আহ-যাহত ব্যৱহাৰ কৰা সদাব্যস্ত গণেশগুৰি-খানাপাৰা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…