ডিব্ৰুগড় মোহনবাৰী বিমান বন্দৰত ড০ দয়ানন্দ শ্বাহক উষ্ণ আদৰণি দল-সংগঠনৰ

সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰা চাহ জনগোষ্ঠীৰ সুযোগ্য সন্তান ড০ দয়ানন্দ শ্বাহক আজি বিভিন্ন দল-সংগঠনে উষ্ম আদৰণি জনায়৷ দিল্লীত সন্মানীয় ডক্টৰেট লাভ কৰি আজি ডিব্ৰুগড়লৈ উভতি অহাৰ পাছতে ডিব্ৰুগড় বিমান বিন্দৰত ড০ শ্বাহক বিভিন্ন দল-সংগঠনে উষ্ম আদৰণি জনায়৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ-পৰিষদৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় গোট, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ-পৰিষদৰ লাহোৱাল আঞ্চলিক সমিতি, অল ইণ্ডিয়া জাৰ্নেলিষ্ট ইউনিয়ন, অসম চাহ জনজাতি ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা আৰু লাহোৱাল প্ৰেছ ক্লাবৱৰ প্ৰতিনিধিয়ে ডিব্ৰুগড় মোহনবাৰী বিমান বন্দৰত উষ্ণ আদৰণি জনায় ড০ দয়ানন্দ শ্বাহক৷ উল্লেখ্য যে, ১৬ জুলাইত দিল্লী এনচিআৰৰ কুণ্ডিলৰ প্ৰখ্যাত সংস্থা ভক-ভাৰ্চিটিয়ে ড০ দয়ানন্দ শ্বাহক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছিল৷ ড০ দয়ানন্দ শ্বাহে কৰি অহা সমাজসেৱাৰ বাবে এই সন্মান প্ৰদান কৰা হয়৷ ডিব্ৰুগড় জিলাৰ বিশিষ্ট শিক্ষাবিদ, সমাজ সংস্কাৰক, ক্ৰীড়াবিদ. চাহ জনগোষ্ঠীৰ নেতা ড০ দয়ানন্দ শ্বাহে বিগত তিনিটা দশক ধৰি কৰা সমাজ সেৱাৰ বাবে ‘সমাজসেৱা’ শিতানত ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছিল ভক-ভাৰ্চিটিয়ে৷ ডিব্ৰুগড় জিলাৰ লাহোৱালৰ ডিব্ৰুৱাল চাংমাই গাঁৱৰ বাসিন্দা ড০ দয়ানন্দ শ্বাহে বিগত তিনিটা দশক ধৰি সমাজৰ বাবে কাম কৰি গৈছে৷ ড০ শ্বাহে সমাজৰ পিছপৰা শ্ৰেণীৰ মানৱ সম্পদক মানুহ কৰিবলৈ কাম কৰি আহিছে৷ ব্যক্তিগতভাবে শিক্ষাৰ বিপ্লৱ তথা শিক্ষাৰ বাবে জাগৰণ সৃষ্টি কৰিছে৷ চাহ জনগোষ্ঠীৰ লোকৰ জীৱনৰ কল্যাণৰ হকেও কাম কৰিছে৷ চাহ জনগোষ্ঠীৰ হকে কাম কৰা সংগঠনক পৰামৰ্শ দি জনগোষ্ঠীটোৰ বিকাশত সহায় কৰিছে৷ এছ.কে. এছ ইংলিছ একাডেমি নামৰ শিক্ষানুষ্ঠানখন স্থাপন কৰি নিজেই অধ্যক্ষৰ দায়িত্ব লৈ গুণগত শিক্ষা প্ৰদানৰ হকে কাম কৰি গৈছে৷

  • Brahmaputra Times

    Related Posts

    আজি মহাঅষ্টমীঃ কোকৰাঝাৰত দেৱী দৰ্শন মুখ্যমন্ত্ৰীৰ…

    ডিজিটেল ডেস্কঃ আজি মহাঅষ্টমী। সেই উপলক্ষে কোকৰাঝাৰৰ বিভিন্ন দুৰ্গা পূজাস্থলীত দেৱী দৰ্শনৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। পুৱাই হেলিকপ্টাৰ যোগে কোকৰাঝাৰ গ্ৰীণ ফিল্ডত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০…

    ওমৰ আব্দুল্লা বিধায়িনী দলৰ নেতা নিৰ্বাচিত

    ১০ বছৰৰ মূৰকত জম্মু-কাশ্মীৰত নিৰ্বাচিত চৰকাৰ গঠন হ’ব৷ ৮ অক্টোবৰত ঘোষিত ফলাফল অনুসৰি কংগ্ৰেছ আৰু নেচনেল কনফাৰেন্সে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে৷ ধাৰা ৩৭০ আতৰোৱাৰ পাছৰে পৰা ১০ বছৰে ৰাজ্যপালে চলাই আছিল…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক