ডেলিভাৰী বয়ৰ ওপৰত বৰমতা, পানবজাৰ আৰক্ষী থানাৰ অ’চি ভাৰ্গৱ বৰবৰাৰ আসুৰিক তৃপ্তি

পেটৰ ভাতমুঠি মোকালবৰ বাবে গুৱাহাটীত থকা এজন যুৱকক ৰাজহুৱা স্থানতে আৰক্ষী বিষয়াই হত্যাৰ প্ৰয়াস কৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ জমেটোত ডেলিভাৰী বয় হিচাপে কৰ্মৰত এজন যুৱকক কোনো কথাক লৈ বৰ্বৰভাৱে মাৰধৰ কৰে৷ ফাঁচী বজাৰৰ জেইল ৰোডত ৰাজহুৱা স্থানত ভাৰ্গৱ বৰবৰা নামৰ আৰক্ষী বিষয়াজনে জমেটোৰ ডেলিভাৰী বয়ক বৰ্বৰভাৱে প্ৰহাৰ কৰে৷ ফাঁচী বজাৰত বহু লোকৰ সমুখত ডেলিভাৰী বয়ক নৃশংসভাৱে প্ৰহাৰ কৰা খাকী পোছাক পৰিহিত আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাই সেই সময়ত আসুৰিক তৃপ্তি লাভ কৰিছিল৷ এখন ষ্ট্ৰীট ফুডৰ দোকানত মূৰ আফলিয়াই, ডিঙিত চেপি, চৰ শোধায় নিৰীহ যুৱকজনক অত্যাচৰ কৰে৷ হঠাতে যুৱকজনে ৰাস্তাৰে স্কুটীৰে গৈ থকা অৱস্থাত দুয়োহাতেৰে টানি আনি ষ্ট্ৰীট ফুডৰ দোকনত মূৰ আফলিয়াই ‘ক’ত যা ভাই’ বুলি বাৰে বাৰে কৈ ভাৰ্গৱ বৰবৰা নামৰ আৰক্ষী বিষয়াজনে ‘মাৰি পেলাম মাৰি পেলাম’ বুলি কৈ থাকে৷ পাছত যুৱকজনৰ পৰা কাগজ-পত্ৰ বিচাৰে৷ যুৱকজনে কাগজ জাতিয় কোনো নথি উলিয়াই দিয়াৰ পিছতো পুনৰ মাৰধৰ কৰে৷ সেই সময়ত কিছু নিলগত এগৰাকী লোকে সেই দৃশ্য ৰেকৰ্ড কৰি থকাত আৰক্ষী বিষয়াজনে ধমকি দিয়ে৷ লোকজনে ৰেকৰ্ড কৰিবলৈ বন্ধ কৰাৰ পাছতো বৰ্বৰভাৱে প্ৰহাৰ কৰে যুৱকজনক৷ ক্ষীণকায় যুৱকজন আৰক্ষী বিষয়াজনৰ জিম্মাৰ পৰা মুক্ত হৈ বাৰে বাৰে প্ৰাণৰক্ষাৰ প্ৰয়াস কৰে৷ সেই সময়ত পথচাৰী আৰু আৰক্ষী বিষয়াজনৰ সৈতে থকা লোকে প্ৰহাৰ নকৰিবৰ বাবে কয় যদিও কাৰোৰে কথা শুনিবলৈ প্ৰয়াস নকৰি বৰ্বৰভাৱে যুৱকজনে প্ৰহাৰ কৰি যায়৷ এটা সময়ত এনে লাগিছিল যে যুৱকজনক হত্যাৰ প্ৰয়াস কৰা হৈছিল৷ পাছত যুৱকজনক জৰিমনা বিহি এৰি দিয়া বুলি একাংশ লোকে প্ৰকাশ কৰিছে৷ ফাঁচী বজাৰৰ জেইল ৰোডৰ পুলিচ পইণ্টত আৰক্ষী বিষয়াই এনে বৰ্বৰতা সংঘটিত কৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ সামাজিক মাধ্যমত ইতিমধ্যে সেই ভিডিঅ’টো ভাইৰেল হৈ পৰিছে৷ এজন প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি আজি সন্ধিয়া প্ৰায় ৬:৩০ বজাত এই ঘটনা সংঘটিত হৈছে। ডেলিভাৰী বয়জনে জেইল ৰোডত চিগনেল অমান্য কৰিছিল বুলি কয় স্থানীয় লোকে৷ আৰক্ষী বিষয়াজনে দূৰৰ পৰা যুৱকজনক নিৰীক্ষণ কৰি আহি আছিল৷ মুখ্য ৰাস্তাৰ পৰা পথৰ দাঁতিলৈ টানি নি আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে। বিষয়াজনে যুৱকজনৰ অনুৰোধ উপেক্ষা কৰি বাৰে বাৰে আঘাত কৰিছিল৷ ঘটনাটো ৰেকৰ্ড কৰা প্ৰত্যক্ষদৰ্শীয়ে অভিযোগ কৰিছিল যে বিষয়াজনে ৰেকৰ্ডিং বন্ধ কৰিবলৈ ভাবুকি দিছিল৷ কেইবাজনো লোকে প্ৰহাৰ নকৰিবলৈ বাধা দিছিল৷ বিষয়াজনে সেই লোকসকলক ভাবুকি দি ব্যৱসায়ত মন দিবলৈ সতৰ্ক কৰি দিছিল। এজন আৰক্ষী বিষয়াই কয় যে নিৰ্দেশ দিয়াৰ পিছতো ডেলিভাৰী এজেণ্টজনে পলাই যাবলৈ চেষ্টা কৰিছিল। এজেণ্টজনে নো এণ্ট্ৰিৰ ফালেৰে গৈ আছিল। পেটৰ ভাত মুঠিৰ বাবে গুৱাহাটীত আহি কাম কৰা যুৱকক এনেদনে প্ৰহাৰ কৰাৰ ঘটনাই সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ অসম আৰক্ষীৰ একাংশ লোক দয়া, মমতাহিন হৈ পৰিছে বুলিও কয় একাংশ লোকে কয়৷ ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ডিজিপি জি.পি সিঙে বাৰে বাৰে অসম আৰক্ষীক জনতাৰ সেৱা কৰিবলৈ মধুৰ ব্যৱহাৰ কৰি জনগণৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়িবলৈ কৈ আহিছে৷ কিন্তু ডিজিপি আৰু মুখ্যমন্ত্ৰীক কেয়াৰ নকৰে এইসকল আৰক্ষী বিষয়াই৷ ইপিনে এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ডিজিপি জিপি সিঙে৷ সিঙে এই ব্যৱহাৰ সহ্য কৰা নহ’ব বুলি কৈ ভাৰ্গৱ বৰবৰাক চাকৰিৰ পৰা নিলম্বন কৰাৰ ঘোষণা কৰিছে৷

  • Brahmaputra Times

    Related Posts

    বিষাক্ত দিল্লীৰ বাবে বুধবাৰৰ দিনটো আছিল সামান্য স্বস্তিৰ দিন

    বিষাক্ত দিল্লীৰ বাবে বুধবাৰৰ দিনটো আছিল সামান্য স্বস্তিৰ দিন। ৰাজধানী দিল্লীৰ বতাহত প্ৰদূষণৰ মাত্ৰা বুধবাৰৰ দিনটোৰ ‘চৰম’ সীমাৰ পৰা সামান্য তললৈ নামে। অৱশ্যে এতিয়াও বিপদ হ্ৰাস পোৱা নাই ৰাজধানীৰ। বুধবাৰে…

    দিল্লীত ৰহস্যজনক অৱস্থাত মৃত্যু গুৱাহাটীৰ যুৱতীৰ

    ৰাজধানী দিল্লীত অসমৰ এগৰাকী মেধাৱী যুৱতীৰ মৃত্যুত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ঋতুপৰ্ণা বৰ্মন নামৰ মেধাৱী গৱেষক ছাত্ৰীগৰাকীৰ মঙলবাৰে ৰহস্যজনক অৱস্থাত মৃত্যু হোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে, দিল্লীৰ দাৰেৱাল নগৰৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    আমেৰিকাত প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ভাৰতীয় ধনকুবেৰ আদানি, গ্ৰেপ্তাৰি পৰোৱানা জাৰি

    আমেৰিকাত প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ভাৰতীয় ধনকুবেৰ আদানি, গ্ৰেপ্তাৰি পৰোৱানা জাৰি

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

    মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

    কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…

    কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…