
গুৱাহাটীঃ ধিং কাণ্ডৰ দৰে ঘটনাৰ আঁৰত আছে ডাঙৰ ষড়যন্ত্ৰ। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত শেহতীয়াকৈ সংঘটিত হৈছে নাৰী নিৰ্যাতনৰ ঘটনা। ধিঙত এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে সংঘটিত পৈশাচিক ঘটনাৰ পিছতে মঙলদৈ, তেজপুৰ, ডিফু আৰু এতিয়া গোৰেশ্বৰৰ পৰাও পোহৰলৈ আহিছে অনুৰূপ কিশোৰী-যুৱতী নিৰ্যাতনৰ ঘটনা।
ৰাজ্যত সংঘটিত হোৱা এনে অমানৱীয় কাণ্ডৰ মাজতে এটা বিশেষ সম্প্ৰদায়ক আক্ৰমণৰ লক্ষ্য কৰিছে লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিশেষকৈ ধিঙত কিশোৰী নিৰ্যাতনৰ সৈতে এটা বিশেষ সম্প্ৰদায়ৰ তিনি অভিযুক্ত পোহৰলৈ অহাৰ পিছতে ধিঙত খিলঞ্জীয়া অসমীয়াৰ অস্তিত্বক লৈ উদ্বেগ প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰীয়ে কয়, “এদিন ধিং অসমীয়া সভ্যতাৰ পীঠভূমি আছিল। আজি তাত ১০ হাজাৰো অসমীয়া নাই। ধিং টাউনক বাদ দিলে তাত আৰু অসমীয়া মানুহ নাইয়েই। অথচ গোটেই গাঁওবোৰৰ নাম অসমীয়া নাম। গতিকে ইয়াক এটা ধৰ্ষণৰ ঘটনা বুলি ধৰি নল’ব, ইয়াৰ পিচফালে এক ডাঙৰ ষড়যন্ত্ৰ আছে।”
তেওঁ লগতে এই ষড়যন্ত্ৰৰ কথা উল্লেখ কৰি কয় যে ইয়াৰ আঁৰত মাটি বিক্ৰীৰ দৰে ষড়যন্ত্ৰ লুকাই থাকে। মুখ্যমন্ত্ৰীৰ মতে ধিংকাণ্ডৰ ভুক্তভোগীৰ পৰিয়ালে এতিয়া ধিং এৰিব বিচাৰিছে।
এটা নিৰ্দিষ্ট সম্প্ৰদায়ক আক্ৰমণ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “প্ৰথমে এখন গাঁৱত এজন মানুহ সোমাই ল’ব, দুজন সোমাই ল’ব। তাৰ পিচত তাত গো-ভক্ষণ আৰম্ভ হয়। লাহে লাহে আমাৰ মানুহ, নামঘৰত যোৱা মানুহ, ধৰ্মত যোৱা মানুহ তাৰপৰা ওলাই আহিবলৈ আৰম্ভ কৰে। তাৰ পিচত নামঘৰত আজান আৰম্ভ হয়। এনেকৈয়েতো বৰপেটা, নলবাৰী, ধুবুৰী আদিৰ পৰা আমাৰ মানুহবিলাক ওলাই আহিল। আগত কোনো মুখ্যমন্ত্ৰীয়ে এই কথা কোৱা নাছিল। কিন্তু মই এই কথা কৈ আছো। যাৰ বাবে মোৰ জীৱনলৈও ভাবুকি আহিব পাৰে। ইয়াত ভোটৰ কথা একো নাই, মই তাত ভোট খুজিলেও পাই যাম। য’ত ৰাজনীতি কৰিলে দেশৰ ক্ষতি হয় তাত আমি ৰাজনীতি নকৰো।”
আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে লোকসভা নিৰ্বাচনৰ পিচত এইধৰণৰ ঘটনা বৃদ্ধি পাইছে। কংগ্ৰেছক আক্ৰমণ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “লোকসভা নিৰ্বাচনৰ পিচত অপৰাধ বাঢ়িছে। ৰাষ্ট্ৰীয় ৰাজনীতিত হোৱা পৰিৱেশ আৰু ধুবুৰীৰ দৰে সমষ্টিত এটা বিশেষ দলৰ জয়ৰ পিচত একাংশ লোক কিছু কাম কাজত তৎপৰ হোৱা আমি দেখা পাইছো। ধিং, তেজপুৰ আদিত এই ঘটনা ঘটিল আৰু এনেধৰণৰ ঘটনাসমূহৰ সংখ্যাও বহুত বাঢ়ি যোৱা দেখা পাইছো।”
বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, “ৰাজনৈতিক পৃষ্ঠপোষকতা কমি গ’লে এনে বিক্ষিপ্ত ঘটনাবোৰ কমি যাব। সামাজিক মাধ্যমত এনে কামবোৰৰ সমৰ্থক নোলালে এই অপৰাধবোৰ নিৰ্মূল কৰিব পৰা যাব।”