

দেৰগাঁও নগৰৰ এটা ফেক্টৰীত কৰ্মৰত শ্ৰমিক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আকোৱালি লোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ সুৰক্ষা ব্যৱস্থা নথকাত কৰ্মৰত শ্ৰমিকজন চলন্ত মেচিনত সোমাই মৃত্যুৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ ক্ৰেষ্ট ইণ্ডিয়া নামৰ চয়াবিন ফেক্টৰীত এই অঘটন সংঘটিত হয়। চলন্ত মেচিনত সোমাই শ্ৰমিকজন মৃত্যু হয়। নিহত শ্ৰমিকজন দেৰগাঁও চাহুপট্টিৰ ওম প্ৰকাশ চাহু বুলি জানিব পৰা গৈছে। নিহত শ্ৰমিকজনে বহুদিন ধৰি ক্ৰেষ্ট ইণ্ডিয়া নামৰ চয়াবিন ফেক্টৰীত কৰ্মৰত হৈ আছিল। ঘটনাস্থলীত দণ্ডাধীশ উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি তদন্ত আৰম্ভ কৰিছে। জানিব পৰা মতে, কোনো ধৰণৰ অভিজ্ঞতা নথকাকৈয়ে যুৱকজনক মেচিন চলাবলৈ নিয়োগ কৰিছিল মালিকপক্ষই। শ্ৰমিকজনৰ কোনো ধৰণৰ বীমাও মালিক পক্ষই কৰা নাছিল বুলি জানিব পৰা গৈছে। যাৰ ফলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। শ্যাম সুন্দৰ আগৰৱালাৰ কাৰখানাটোত কি পৰিস্থিতিত শ্ৰমিকজনৰ মৃত্যু হ’ল সেয়া প্ৰকৃত তদন্ততহে পোহৰলৈ আহিব।