
গুৱাহাটীঃ ৰাজ্যত বৃদ্ধি পোৱা নাৰী নিৰ্যাতনৰ ঘটনা আৰু মিঞা বিতৰ্কক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিক লৈ সদনত সূত্ৰপাত ঘটা তীব্ৰ বাক-বিতণ্ডাৰ মাজতে শৰৎকালীন অধিৱেশৰ দ্বিতীয় দিনটোৰ বাবে বিধায়ক অখিল গগৈক নিলম্বন কৰে অধ্যক্ষই। বিধানসভাৰ পৰা নিলম্বনৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহমন্ত্ৰী হৈ অসমত গৃহযুদ্ধ লগাব বিচাৰিছে বুলি গুৰুতৰ অভিযোগ তুলি অখিল গগৈয়ে কয়, “আপুনি অসমৰ ৰজা নহয়, যি মন যায় তাকে ক’বলৈ৷ আমি সেয়া হ’বলৈ নিদিওঁ৷ গৃহমন্ত্ৰী হৈ নিজে গৃহযুদ্ধ লগাব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে”
ৰাজ্যৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবৰ বাবে উঠা বিৰোধীৰ বিধানসভাৰ সভাস্থগিত প্ৰস্তাৱ অগ্ৰাহ্য হোৱাৰ পিছত The Assam Equality Education Bill, 2024 শীৰ্ষক এখন বিধেয়ক সদনত উত্থাপন কৰিবলৈ আগবাঢ়িছিল বিৰোধী বিধায়ক অখিল গগৈ৷ পিছে বিধানসভাত বিধেয়ক উত্থাপন কৰা নহ’ল অখিল গগৈৰ। তাৰ পূৰ্বেই মুখ্যমন্ত্ৰীৰে সদনত তীব্ৰ বাক-বিতণ্ডা আৰম্ভ হয় অখিল গগৈৰ। বিতৰ্কত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অখিল গগৈয়ে আনে কেতবোৰ গুৰুতৰ অভিযোগ। তীব্ৰ উত্তেজনাময় পৰিৱেশৰ পিছত অৱশেষত অধ্যক্ষই দিনটোৰ বাবে নিলম্বন কৰে অখিল গগৈক। সদনৰ পৰা মাৰ্শ্বাল লগাই বাহিৰলৈ উলিয়াই পঠিয়ায় অখিল গগৈক৷
বিধানসভাৰ পৰা দিনটোৰ বাবে নিলম্বিত হৈ সদনৰ বাহিৰত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে কয়- “মুখ্যমন্ত্ৰীয়ে নতুন এটা ছেচনত সাম্প্ৰদায়িক কথা কৈ নতুন এটা বিতৰ্ক কৰিছে। অসমখন গৃহমন্ত্ৰীয়ে নিজে জ্বলাবলৈ বিচাৰিছে। তেতিয়া ৩০ সংগঠনৰ ওপৰত প্ৰশাসনে জাননী দিয়াক লৈ মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছিলো। গৃহমন্ত্ৰী হৈ নিজে গৃহযুদ্ধ লগাব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ চকুত চকু থৈ কৈছিলো- আপুনি অসমৰ ৰজা নহয়, যি মন যায় তাকে ক’বলৈ। আমি সেয়া হ’বলৈ নিদিওঁ৷ তাৰ বাবেই সদনৰ পৰা নিৰাপত্তাৰক্ষী লগাই গতিয়াই উলিয়াই দিলে।”
ধিংকাণ্ডৰ পিছত ক্ৰমাৎ জটিলতৰ হৈ গৈ থকা উজনি-নামনি আৰু ‘মিঞা’ প্ৰসংগত অখিল গগৈয়ে উত্থাপন কৰিলে এক বিস্ফোৰক অভিযোগ। সদনৰ ভিতৰত ময়ূৰ বৰগোঁহাইয়ে নামনিৰ পৰা যোৱা শ্ৰমিকক ১৫ লাখ টকা নিদি মাৰপিট কৰি খেদাই দিয়াৰ প্ৰসংগ বিধানসভাত উত্থাপন কৰে অখিল গগৈয়ে।
সদনৰ বাহিৰতো অখিল গগৈয়ে ময়ুৰ বৰগোঁহাই প্ৰসংগত কয় এইদৰে: “শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ুৰ বৰগোঁহাইয়ে নিজে কাম কৰি থকা প্ৰধানমন্ত্ৰী কৌশল যোজনাৰ এটা ১০ কোটি টকীয়া প্ৰকল্পৰ বাবে নামনি অসমৰ পৰা কাম কৰিবলৈ নিছিল কিছু শ্ৰমিক৷ এই শ্ৰমিক সকলক প্ৰহাৰ কথা পোহৰলৈ আহিছে। নিশা ১০:৩০ বজাত মাৰপিট কৰি দিবলগীয়া ১৫ লাখ টকা নিদি খেদি দিছিল শ্ৰমিকসকলক।”
তাৰ উপৰিও অখিল গগৈৰ গুৰুতৰ অভিযোগ যে উজনি-নামনিৰ বিতৰ্ক আঁৰৰ এজন অন্যতম মানুহ শিৱসাগৰৰ বিজেপি নেতা ময়ূৰ বৰগোঁহাই৷ সংঘাত সৃষ্টিৰ উদ্দেশ্যে ময়ূৰ বৰগোঁহাইয়ে নামনিৰ সংখ্যালঘু শ্ৰমিকক মাৰপিট কৰি আছু, আটাছু আৰু লাচিত সেনাৰ নামত জয়ধ্বনি দিয়াইছিল বুলিও বিধানসভাৰ পৰা নিলম্বনৰ পিছত অখিল গগৈয়ে মন্তব্য কৰে।
অখিল গগৈয়ে কয়- “নাজিৰাত শ্ৰমিকসকলক সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ, আটাছু জিন্দাবাদ, লাচিত সেনা জিন্দাবাদ ধ্বনি দিয়াইছিল ময়ুৰ বৰগোঁহাইয়ে। উজনি-নামনিৰ নামত সংঘাত সৃষ্টি কৰিব বিচাৰিছে শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ুৰ বৰগোঁহাইয়ে।”