
আজি ডিব্ৰুগড়ত অনুষ্ঠিত কেবিনেটৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সুৰাৰ দোকান নিশা ২ বজালৈকে খুলি ৰখাৰ ঘোষণা কৰিছিল৷ ২৪ ঘণ্টাই দোকান-পোহাৰ খোলাৰ অনুমতি প্ৰদানৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কৈছিল যে ৱাইন শ্বপসমূহক আমি অলপ আগতীয়াকৈ বন্ধ কৰিম৷ ৱাইন শ্বপসমূহ এতিয়া ১২টা বজালৈ খোলা থাকে, দুটা মান বজালৈকে খোল থাকিব৷ তেওঁলোকক গোটেফ পাতি নিদিও তেওঁলোকক অলপ কমাই দিম৷ কিন্তু মাথো তিনিটা ঘম্টাৰ পিছতে মুখ্যমন্ত্ৰীয়ে নিজে কৰা ঘোষণা সলনি কৰে৷ প্ৰায় আঢ়ৈ ঘণ্টা পিছতে মুখ্যমন্ত্ৰীয়ে ততাতৈয়াকৈ স্পষ্টিকৰণ দি কয় যে ৱাইন শ্বপ, বাৰৰ ক্ষেত্ৰত প্ৰযোজ্য এই ঘোষণা প্ৰযোজ্য নহ’ব৷ নিশা পলমকৈ মদৰ দোকান খোলা ৰখাৰ পূৰ্বৰ ঘোষণা বাতিল কৰে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীৰ নতুন ঘোষণা কৰি কয় যে সুৰাৰ বিপনি নিশা এপৰলৈকে খোলা নাথাকিব৷ দোকান ২৪ ঘণ্টাই খোলা ৰখা সিদ্ধান্তত সুৰাৰ বিপণি-বাৰৰ অন্তৰ্ভুক্ত নহ’ব৷