পত্নীয়ে হত্যা কৰিছিল চাবুৱাৰ মাধুৰ্য বৰুৱাক, হত্যাকাৰী পত্নী-প্ৰেমিকক ফাঁচি দিয়াৰ দাবী

জলসম্পদ বিভাগৰ কৰ্মচাৰী মাধুৰ্য বৰুৱাৰ হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ উজনি অসমক৷ নিজ পত্নীয়ে প্ৰেমীকৰ সৈতে লগলাগি মাধুৰ্য বৰুৱাক হত্যা কৰাৰ তথ্য পোহৰলৈ অহাৰ পাছতে আজি ডিব্ৰুগড়ৰ চাবুৱা আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ প্রহেলিকা বৰুৱাক হত্যাকাণ্ডত সহায় কৰিছিল প্ৰেমীক ময়ুন্ত গগৈ আৰু ভাস্কৰ শইকীয়াই৷ আৰক্ষীয়ে মাধুৰ্য বৰুৱাৰ হত্যাকাৰী পত্নী আৰু দুই সহযোগীক গ্ৰেপ্তাৰৰ পাছতে চাবুৱা জেৰাই গাঁৱৰ উত্তেজিত ৰাইজে চাবুৱা আৰক্ষী থানা ঘেৰাও কৰে৷ চাবুৱা আৰক্ষী থানা থানাত ভিৰ কৰি ৰাইজে দোষীক কঠোৰ শাস্তিৰ দাবী জনায়৷ ৰাইজে বিভিন্ন শ্ল’গান প্ৰদান কৰি ৰাজপথ অৱৰোধ কৰি আকাশ-বতাহ কপাই তোলে৷ আৰক্ষীয়ে উত্তেজিত ৰাইজক নিয়ন্ত্ৰণ কৰিবলৈ দীৰ্ঘ সময় প্ৰয়াস কৰিবলগীয়া হয়৷ পাছত আৰক্ষীয়ে প্রহেলিকা বৰুৱা, ময়ুন্ত গগৈ আৰু ভাস্কৰ শইকীয়াক কঠোৰ শাস্তি বিহাৰ আশ্বাস প্ৰদান কৰাত পৰিস্থিতি ক্ষান্ত হয়৷ উল্লেখ্য যে, ডিব্ৰুগড় জিলাৰ চাবুৱা জেৰাই গাঁৱত ১০ ছেপ্টেম্বৰত নৃশংস হত্যাকাণ্ড সংঘটিত হৈছিল। নিশা ঘৰৰ ভিতৰতে চোকা অস্ত্ৰৰে দুৰ্বৃত্তই হত্যা কৰিছিল জলসম্পদ বিভাগৰ কৰ্মচাৰী মাধুৰ্য বৰুৱাক। অমায়িক ভদ্ৰ জলসম্পদ বিভাগৰ কৰ্মচাৰীক শোৱা পাটীতে দুৰ্বৃত্তই হত্যা কৰে। পত্নী আৰু কণমানি কন্যাৰ সন্মুখত চোকা অস্ত্ৰ আৰু ধুমুচেৰে মূৰত আঘাত কৰি নিৰ্মমভাৱে হত্যা কৰা হৈছিল মাধুৰ্য বৰুৱাক। নিশা শুই থকা অৱস্থাত দুৰ্বৃত্তই হত্যা কৰা পাছতেই স্থানীয় ৰাইজে হত্যাকাণ্ডত পৰিয়ালৰ লোক জড়িত থাকিব পাৰে বুলি সন্দেহ কৰিছিল। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল। ছীল কৰিছিল গৃহটো। মাধুৰ্য বৰুৱাৰ পত্নীৰ লগতে পৰিয়ালৰ বিভিন্নজনক জেৰা চলাইছিল চাবুৱা আৰক্ষীয়ে। চাবুৱা আৰক্ষীয়ে নিশাই মাধুৰ্য্য বৰুৱাৰ পত্নী প্রহেলিকা বৰুৱা, ময়ুন্ত গগৈ আৰু ভাস্কৰ শইকীয়াক গ্ৰেপ্তাৰ কৰিছে। পত্নী প্রহেলিকা বৰুৱাই সু-নিৰ্দিষ্ট পৰিকল্পনাৰে হত্যা কৰিছিল স্বামী মাধুৰ্য বৰুৱাক। নিজ স্বামীক পৰকীয়া প্ৰেমৰ বাবেই হত্যা কৰা বুলি জানিব পৰা গৈছে। ডিব্ৰুগড়স্থিত জলসম্পদ বিভাগৰ মাণ্ডলিক কাৰ্যালয়ৰ কৰ্মচাৰী মাধুৰ্য বৰুৱা সহজ, অমায়িক ব্যক্তি আছিল। ৰাইজে সন্দেহ কৰাৰ দৰেই পত্নীৰ দ্বাৰা পৰিকল্পিত হত্যাকাণ্ড আছিল।

  • Related Posts

    “কংগ্ৰেছে ভাৰতবাসীক ক্ষমা খুজিব লাগিব”, জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ উপলক্ষে বিজেপিৰ ‘যুৱ সংসদ’

    ১৯৭৫ চনৰ ২৫ জুন তাৰিখে কংগ্ৰেছ চৰকাৰৰ অধীনত দেশত জৰুৰীকালীন অৱস্থা আৰোপৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি আজি অসম প্ৰদেশ বিজেপি যুৱ মৰ্চা আৰু মহিলা মৰ্চাৰ উদ্যোগত গুৱাহাটীৰ…

    “খিলঞ্জীয়াৰ মাটি পুঁজিপতিক গতাব”, ভূমি আইন সংশোধনৰ প্ৰস্তাৱক লৈ প্ৰশ্ন লুৰীণজ্যোতি গগৈৰ

    অসমত খিলঞ্জীয়া ৰাইজৰ পুৰুষ-পূৰ্বেৰে ৰক্ষা কৰি অহা ভূমি এতিয়া পুঁজিপতি গোষ্ঠীৰ হাতলৈ দিয়াৰ চেষ্টাত চৰকাৰ লিপ্ত হৈছে — এনে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদ (অজাপ)। আজি গুৱাহাটীত অনুষ্ঠিত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ