প্ৰচাৰৰ শেষ দিনটোত প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখক আক্ৰমণ

মহাৰাষ্ট্ৰত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ শেষ দিনটোত এগৰাকী জ্যেষ্ঠ নেতাক শিল নিক্ষেপ কৰি আহত কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহ মন্ত্ৰী তথা এনচিপি শৰদ গোটৰ নেতা অনিল দেশমুখক সোমবাৰে নিশা নাগপুৰৰ কাটোল বিধানসভা সমষ্টিত আক্ৰমণ কৰা হয়। অচিনাক্ত দুৰ্বৃত্তই শিল দলিয়াই গাড়ীৰ গ্লাছ ভাঙি পেলোৱাৰ লগতে কেইবাটাও শিল অনিল দেশমুখৰ মূৰত আঘাত কৰিছিল৷ মূৰেৰে ৰক্ত প্ৰৱাহিত হোৱাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় নেতাগৰাকী। এটা ভিডিঅ’ত তেওঁৰ মূৰৰ পৰা তেজ বৈ থকা দেখা গৈছে। টাৱেলেৰে মূৰ বান্ধি ৰখা দেখা আছে। কংগ্ৰেছ নেতা বালাচাহেব থোৰাটে এই আক্ৰমণক গৰিহণা দি কয় যে উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়ণবীছৰ জিলাত এজন প্ৰাক্তন গৃহমন্ত্ৰীৰ ওপৰত হোৱা আক্ৰমণে ৰাজ্যখনত আইনৰ শাসন চলিছে নে গুণ্ডাৰ শাসন চলিছে বুলি প্ৰশ্ন উত্থাপন কৰিছে? বিজেপিয়ে অভিযোগ কৰিছে যে এয়া নিৰ্বাচনী ষ্টাণ্ট। কাটোল বিধানসভা সমষ্টিৰ বিজেপি নেতা অবিনাশ ঠাকৰেয়ে দেশমুখে নিজৰ কৰ্মীসকলৰ দ্বাৰা শিল নিক্ষেপ কৰাইছে বুলি দাবী কৰে। অনিল দেশমুখৰ পুত্ৰ সলিল কাটোল বিধানসভা সমষ্টিৰ এনচিপি শাৰদ গোটৰ প্ৰাৰ্থী। প্ৰচাৰৰ অন্তিম দিনটোত দেশমুখে গোটেই দিনটো অঞ্চলটোত প্ৰচাৰ চলাইছিল। শেষ সভা নাৰখেদ নামৰ ঠাইত আছিল। সভাশেষ হোৱাৰ পিছতে তেওঁ কৰ্মীৰ সৈতে এখন গাড়ীত কাটোললৈ ৰাওনা হোৱাত বেলা ফাটা নামৰ ঠাইত কিছুমান অচিনাক্ত লোকে গাড়ীত শিল নিক্ষেপ কৰে।

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে