প্ৰদ্যুৎ-শিবামণি আক্ৰমণত জড়িত বহিষ্কৃত কংগ্ৰেছ নেতা, বিধায়ক নাজাৰৰ ঘৰত আৰক্ষীৰ অভিযান

নগাঁৱৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বটদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰাৰ ওপৰত হোৱা আক্ৰমণৰ সন্দৰ্ভত চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। এই আক্ৰমণত জড়িত থকাৰ অভিযোগ উঠিছে কংগ্ৰেছৰ পৰা বহিষ্কৃত নেতা ইমদাদুল ইছলামৰ ওপৰত, যিয়ে ভূৰাগাঁৱৰ পৰা গুণ্ডা বাহিনী একত্ৰিত কৰি এই আক্রমণ সংগঠিত কৰিছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

নগাঁও আৰু মৰিগাঁৱৰ পৰা একত্ৰিত কৰা গুণ্ডাবাহিনীৰ সহযোগত সাংসদ আৰু বিধায়িকাৰ কনভয়ৰ ওপৰত একে সময়ত পাচঁখনকৈ গাড়ীত আক্ৰমণ কৰা হৈছিল। তদন্তকাৰী আৰক্ষী বিষয়াসকলৰ মতে, এই আক্ৰমণ সম্পূৰ্ণৰূপে পূৰ্ব পৰিকল্পিত আছিল।

মূল অভিযুক্ত ইমদাদুল ইছলাম লাহৰীঘাট সমষ্টিৰ ভূৰাগাঁও গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰীৰ স্বামী। ইমদাদুল ইছলামৰ সন্ধানত ইতিমধ্যে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে। আজি লাহৰীঘাট সমষ্টিৰ বিধায়ক ডাঃ আছিফ মহাম্মদ নাজাৰৰ বাসগৃহত আৰক্ষীয়ে ৪০ মিনিটৰ অভিযান চলায়, যদিও অভিযুক্তক পোৱা নগ’ল। আৰক্ষীৰ সূত্ৰ অনুসাৰে, অভিযানৰ আগতে বিধায়কজন ঘৰৰ পৰা ওলাই গৈছিল। ইমদাদুল ইছলামে কৰা শেষ ফোন কলৰ ভিত্তিত এই অভিযান চলোৱা হয় বুলি জানিব পৰা গৈছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই আক্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ কৰ্মীক জিলা পৰিষদৰ টিকট দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও তাক পূৰ্ণ কৰিব নোৱাৰিলে। এইয়ে ক্ষোভৰ সৃষ্টি কৰি আক্ৰমণলৈ ডাঙি লৈছে বুলি মুখ্যমন্ত্ৰীয়ে সন্দেহ প্ৰকাশ কৰে। তেওঁ আৰু কয় যে কংগ্ৰেছে দলীয় প্ৰাৰ্থীসকলক এইবাৰ নিৰ্বাচনত কোনো সহযোগিতা আগবঢ়োৱা নাই আৰু টিকট দিয়াৰ প্ৰতিশ্ৰুতিৰে ধন সংগ্ৰহ কৰাৰ অভিযোগো উত্থাপন কৰে।

  • Related Posts

    কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বহিঃৰাজ্যৰ পৰা মৃতদেহ ঘূৰাই আনিবলৈ আঁচনি

    দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট। এই কেবিনেট বৈঠকত ‎চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এক…

    আদানী বিৰোধী প্ৰতিবাদকাৰীৰ কাষত গৌৰৱ গগৈ, মামা-মামী, আদানী-আম্বানীয়ে মাটি পাই, সাধাৰণ ৰাইজে নাপায়

    অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি কোকৰাঝাৰৰ বাসবাৰী অঞ্চলত ভূমি উচ্ছেদৰ আশংকাত উদ্বিগ্ন বড়ো জনগোষ্ঠীৰ ৰাইজৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ বাবে যুঁজ দিয়াৰ প্রতিশ্রুতি দিয়ে। গগৈয়ে কয়, “৩,৬০০ বিঘা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ