বিধানসভা নিৰ্বাচনত গাদী এৰিব লাগিব মুখ্যমন্ত্ৰীয়ে, তিনিমাহে একেখিনি কথা, এই মাহতে তদন্ত শেষ কৰক

যোৰহাটৰ সাংসদ আৰু কংগ্ৰেছ নেতা গৌৰৱ গগৈ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাকিস্তানৰ সৈতে সম্পৰ্ক ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। মুখ্যমন্ত্ৰীয়ে গগৈৰ পত্নীয়ে পাকিস্তানী এনজিঅ’ৰ পৰা দৰমহা লোৱা, তেওঁৰ সন্তানসকলৰ নাগৰিকত্ব আৰু ধৰ্মীয় পৰিচয় অস্পষ্ট হোৱাৰ দাবী কৰিছে। লগতে গগৈৰ দেউতাক তৰুণ গগৈৰ নাতি-নাতিনী ভাৰতীয় নহয় বুলি কটাক্ষ কৰিছে।

কংগ্ৰেছ নেতাই মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই কৈছে, ‘‘যদি এই অভিযোগ প্ৰমাণ কৰিব নোৱাৰে, তেন্তে তেওঁ পদত্যাগ কৰিব নেকি?’’ গগৈয়ে আৰোপ কৰে যে শৰ্মাৰ চৰকাৰে কয়লা মাফিয়া, ড্ৰাগছ চিণ্ডিকেট আৰু পাহাৰ ধ্বংসকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। তেওঁ এছ.আই.টি.ৰ তদন্তৰ ফলাফল ছেপ্তেম্বৰলৈ পলম কৰাৰ সমালোচনা কৰি এই মাহতে তদন্ত শেষ কৰিবলৈ দাবী জনাইছে।

গগৈয়ে দাবী কৰে, ‘‘২০২৬ চনৰ বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰীয়ে গাদী এৰিবলৈ বাধ্য হ’ব।’’ তেওঁৰ মতে, শৰ্মাৰ চৰকাৰে ৰাজ্যৰ উন্নয়নৰ পৰিৱৰ্তে ব্যক্তিগত আৰু পৰিয়ালবৰ্গক লক্ষ্য কৰি ৰাজনীতি কৰিছে। ইডিৰ দ্বাৰা কয়লা চিণ্ডিকেটৰ তদন্তৰ কথাও উল্লেখ কৰি গগৈয়ে কয়, ‘‘অবৈধ ধনৰ প্ৰবাহ আৰু চৰকাৰী কৰ্মচাৰীৰ জড়িততাৰ সত্যতা উন্মোচন হ’ব।’’ মুখ্যমন্ত্ৰীৰ কথাৰ গ্ৰহণযোগ্যতা নাই৷ তেওঁ কৈছিল অসমখনক ভাৰতৰ ভিতৰত উন্নত ৰাজ্যলৈ নিব৷ আজিৰ তাৰিখত ড্ৰাগছ এটা ভয়াবহ সমস্যা হৈছে৷ যোৱা তিনিমাহ ধৰি একেখিনি কথা দোহাৰি আছে৷ এতিয়া আকৌ ছেপ্তেম্বৰলৈ সময় বিচাৰিছে৷ ছেপ্তেম্বৰতে গোটেই তদন্ত শেষ হ’ব৷ মই বিচাৰিছো তদন্ত এই মাহতে শেষ কৰক৷ কি কি তথ্য ওলাইছে তেতিয়া আমি গম পাম৷ তেওঁলোকে কি কি উলিয়াইছে, মেকিং কৰিছে৷ তেওঁলোকে ছেপ্তেম্বৰলৈ ৰ’বলৈ কৈছে৷ আমি ছেপ্তেম্বৰলৈ ৰম৷ আমাৰ একো আপত্তি নাই৷ যি তদন্ত কৰিব লগা আছে কৰি থাকক৷ ৰাইজে গম পাই গৈছে যে বৰ্তমান মুখ্যমন্ত্ৰী চিন্তাত পৰিছে৷ অহাৰ বছৰ বিধানসভা নিৰ্বাচনত তেওঁ গাদী এৰিব লগা হ’ব৷ কয়লাৰ চিণ্ডিকেট টলি আছে৷ কিন্তু তেওঁলোকে কাকো ধৰা নাই৷ ওমৰাংছু হৈ গ’ল৷ ইডিৰ অভিযান চলিল৷ ইমান অবৈধ কয়লাৰ চিণ্ডিকেট চলি আছে৷ প্ৰতিখন চৰকাৰৰ পৰা ডেৰ লাখ টকা লয়৷ এই টকা ক’ত যায়৷ এইখিনি কথা মুখ্যমন্ত্ৰীয়ে কিয় নকয়৷ মই ভাবো নিজৰ বিফলতাৰ বাবে মুখ্যমন্ত্ৰীয়ে নিজৰ চকী নিজেই এৰিব লাগিব৷

  • Related Posts

    গোমাংসক লৈ সুৰ সলনি, হাচিলা বিলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰা আৰু ধুবুৰী জিলাৰ দৌৰা কৰি উচ্ছেদ অভিযানৰ পৰিস্থিতি পৰ্যালোচনা কৰে। পুৱা গোৱালপাৰাৰ হাচিলা বিলত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ড্ৰোনৰ সহায়ত এলেকা পৰিদৰ্শন কৰে আৰু…

    চাহ জনগোষ্ঠী-আদিবাসীক বছৰৰ পিছত বছৰ ধৰি বিজেপিয়ে প্ৰতাৰণা কৰাৰ অভিযোগ ৰ’জনীলা তিৰ্কীৰ

    ৰাজ্যৰ চাহ জনগোষ্ঠী আৰু আদিবাসী লোকসকলক বিজেপি দল আৰু চৰকাৰে চৰম প্ৰতাৰণা কৰা বুলি আজি তথ্যসমৃদ্ধ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰ’জলীনা তিৰ্কীয়ে। গুৱাহাটীৰ ৰাজীৱ ভৱনত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ