‘বিশ্ব ঐতিহ্য ক্ষেত্ৰ’! শীঘ্ৰে আহোম জনগোষ্ঠী-উজনিৰ বাবে আহিব ভাল খবৰ

‘বিশ্ব ঐতিহ্য ক্ষেত্ৰ’ হিচাপে স্বীকৃতি লাভ কৰিব পাৰে চৰাইদেউৰ আহোম স্বৰ্গদেউৰ মৈদাম ক্ষেত্ৰই৷ ভাৰত চৰকাৰে ইউনেস্কোৰ বিশ্ব ঐতিহ্য সমিতিক এইক্ষেত্ৰত আৰ্জি দিয়াৰ পাছতে চৰাইদেউৰ আহোম স্বৰ্গদেউৰ মৈদাম ক্ষেত্ৰই ‘বিশ্ব ঐতিহ্য ক্ষেত্ৰ’ হিচাপে স্বীকৃতি লাভ কৰিব বুলি চৰ্চা চলি আছে৷

তাৰ মাজতে আজিৰে পৰা ইউনেস্কোৰ বিশ্ব ঐতিহ্য সমিতিৰ শীৰ্ষ বৈঠক নতুন দিল্লীৰ ভাৰত মণ্ডপম আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী আৰু সন্মিলন কেন্দ্ৰত অনুষ্ঠিত হৈছে। সন্মিলনত ইউনেস্কোৰ সঞ্চালক প্ৰধান মিছ অউড্ৰে অঝ’উলেই, বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰ, কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱট আৰু বিশ্ব ঐতিহ্য সমিতিৰ অধ্যক্ষ বিশাল ভি শৰ্মাই অংশগ্ৰহণ কৰে।

ভাৰত মণ্ডপমৰ প্লেনাৰী হ’ল লাউঞ্জত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব ঐতিহ্য সমিতিৰ ঐতিহাসিক ৪৬ সংখ্যক বৈঠক উদ্বোধন কৰে৷ অহা ৩১ জুলাইলৈ অনুষ্ঠিত হ’বলগীয়া বৈঠকত ১৯৫ খন ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। বৰ্তমান ভাৰতৰ অধ্যক্ষতাত গঠিত বিশ্ব ঐতিহ্য সমিতিৰ কাৰ্যকৰী সমিতিত ২১খন সদস্য ৰাষ্ট্ৰ আছে।

বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে এইবাৰ ভাৰতবৰ্ষৰ পৰা একমাত্ৰ প্ৰস্তাৱ চৰাইদেউৰ আহোম স্বৰ্গদেউৰ মৈদাম ক্ষেত্ৰক ৰখা হৈছে৷ আহোম স্বৰ্গদেউৰ মৈদাম ক্ষেত্ৰক চূড়ান্ত বিবেচনাৰ বাবে বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক বৈঠকৰ কাৰ্যসূচীত অন্তৰ্ভুক্ত হৈছে। এইক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ আগ্ৰহ আৰু উদ্যোগৰ বাবেই চৰাইদেউ মৈদাম ক্ষেত্ৰৰ প্ৰস্তাৱ বিশ্ব ঐতিহ্য সমিতিৰ শীৰ্ষস্থানত থকা বুলি জানিব পৰা গৈছে৷ ইতিমধ্যে অসম চৰকাৰে সকলো চৰ্তাৱলী পূৰণৰ পাছত বিশ্ব ঐতিহ্য সমিতিৰ শীৰ্ষ বৈঠকতে চৰাইদেউৰ মৈদাম ক্ষেত্ৰই ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পাবলৈ সক্ষম হ’ব বুলি আশা কৰিছে অসমৰ দল-সংগঠনে। এই বৈঠকত অসমৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী কেশৱ মহন্ত, নন্দিতা গাৰ্লোছা, বিমল বৰা, যোগেন মহন আদি উপস্থিত থাকে৷

 

  • Brahmaputra Times

    Related Posts

    আজি মহাঅষ্টমীঃ কোকৰাঝাৰত দেৱী দৰ্শন মুখ্যমন্ত্ৰীৰ…

    ডিজিটেল ডেস্কঃ আজি মহাঅষ্টমী। সেই উপলক্ষে কোকৰাঝাৰৰ বিভিন্ন দুৰ্গা পূজাস্থলীত দেৱী দৰ্শনৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। পুৱাই হেলিকপ্টাৰ যোগে কোকৰাঝাৰ গ্ৰীণ ফিল্ডত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০…

    ওমৰ আব্দুল্লা বিধায়িনী দলৰ নেতা নিৰ্বাচিত

    ১০ বছৰৰ মূৰকত জম্মু-কাশ্মীৰত নিৰ্বাচিত চৰকাৰ গঠন হ’ব৷ ৮ অক্টোবৰত ঘোষিত ফলাফল অনুসৰি কংগ্ৰেছ আৰু নেচনেল কনফাৰেন্সে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে৷ ধাৰা ৩৭০ আতৰোৱাৰ পাছৰে পৰা ১০ বছৰে ৰাজ্যপালে চলাই আছিল…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ