
নগাঁওঃ বাংলাদেশৰ অস্থিৰতাৰ মাজতে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা এজন বাংলাদেশী নাগৰিকক নগাঁও জিলাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
এক গোপন সূত্ৰৰ ভিত্তিত ধিং আৰক্ষী থানাৰ এটা দলে বুধবাৰে সন্ধিয়া ধিং গৰু বজাৰত বাংলাদেশী নাগৰিকসহ চাৰিজন লোকক আটক কৰে।
নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই জানিবলৈ দিয়া মতে বাংলাদেশীজনে আৰু তেওঁৰ সহযোগীসকলৰ পৰা আৰক্ষীয়ে ৯টা গৰু জব্দ কৰে।
ধৃত বাংলাদেশীজনক বাংলাদেশৰ চিলেট জিলাৰ গোৱাইংহাট থানাৰ লাঠি গাঁৱৰ মনিৰ উদ্দিনৰ পুত্ৰ হুমায়ুন কবীৰ (৩২) বুলি চিনাক্ত কৰা হৈছে।
জেৰাৰ সময়ত কবীৰে দাবী কৰে যে তেওঁ বি এছ এফৰ এজন বিষয়াক উৎকোচ দিছিল আৰু মূলতঃ গৰু ব্যৱসায়ৰ বাবে কোনো বৈধ ভ্ৰমণ নথি অবিহনে ডাউকিৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰিছিল।
ইয়াৰোপৰি পোহৰলৈ আহিছে যে বাংলাদেশীজনে ৪ আগষ্টত সীমান্ত পাৰ হৈ যোৱা ৬ আগষ্টত মধ্য অসমৰ নগাঁও জিলাৰ বৰঘাট অঞ্চলত উপস্থিত হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
নগাঁও জিলাৰ চামগুৰিৰ গেৰুৱাআটি গাঁৱত দুই এটা ঘৰত তালাচী চলোৱাৰ অন্তত আৰক্ষীয়ে ধৃত বিদেশীজনৰ হাতৰ পৰা দুখন বাংলাদেশী চিম কাৰ্ডসহ এটা মোবাইল ফোন হেণ্ডছেট উদ্ধাৰ কৰে।