

সকলো জল্পনা-কল্পনাৰ অন্তত বোকাখাতৰ প্ৰাক্তন বিধায়ক জীতেন গগৈয়ে আজি অসম জাতীয় পৰিষদত যোগদান কৰে৷ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু কাৰ্যকৰী সভাপতি জগদীশ ভূঞাৰ উপস্থিতিত জীতেন গগৈয়ে দলটোত যোগদান কৰে৷ আজি বোকাখাত নাট্য মন্দিৰত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ এক যোগদান কাৰ্যসূচীত প্ৰাক্তন বিধায়কগৰাকীয়ে দলটোত যোগদান কৰে৷ দলটোত যোগদান কৰিয়েই জীতেন গগৈয়ে এইখন চৰকাৰৰ দুটা কাৰ্যকালত বোকাখাতত উন্নয়ন হোৱা নাই বুলি দাবী কৰে৷ আনহাতে বোকাখাতৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰাৰ নাম নোলোৱাকৈ সমষ্টিৰ উন্নয়নত ব্যৰ্থ হোৱা বুলি দাবী কৰে গগৈয়ে৷ জীতেন গগৈক ফুলাম গোমাচা পিন্ধাই দললৈ আদৰণি জনাই লুৰীণজ্যোতি গগৈয়ে কয় যে অসমক ভাল পোৱা মানুহে এই সময়ত প্ৰকৃত জাতীয়তাবাদ কৰিব লাগে৷ বোকাখাত বিধানসভা সমষ্টিত আজিৰে পৰাই অসম জাতীয় পৰিষদৰ এক শক্তিশালী যাত্ৰা আৰম্ভ হ’ল। ইপিনে কাৰ্যকৰী সভাপতি জগদীশ ভূঞাই কয় যে বোকাখাট বিধানসভা সমষ্টিৰ দুটা কাৰ্যকালৰ নিৰ্দলীয় বিধায়ক জীতেন গগৈয়ে ‘বোকাখাট নিৰ্মাণ গোটৰ’ ২১ খন আঞ্চলিক সমিতিৰ সমূহ সদস্যসহ আজি অসম জাতীয় পৰিষদত যোগদান কৰে। তেওঁক আমাৰ পৰিয়াললৈ আদৰণি জনাও। আমাৰ গভীৰ বিশ্বাস যে জীতেন গগৈৰ যোগদানে বোকাখাতত অসম জাতীয় পৰিষদক এক নতুন মাত্ৰা প্ৰদান কৰিব। বোকাখাতৰ প্ৰাক্তন আলফা, প্ৰাক্তন বিধায়ক জীতেন গগৈৰ একালত ‘কাজিৰঙাৰ ৰজা’ বুলি খ্যাতি আছিল৷ জীতেন গগৈয়ে সক্ৰিয় ৰাজনীতিৰ পৰা আতৰিব বুলি ভবা হৈছিল যদিও পুনৰ ৰাজনীতিৰ সক্ৰিয় হয়৷ আঞ্চলিকতাবাদী ৰাজনীতিত ভাগ্য পৰীক্ষা কৰিবলৈ বোকাখাতৰ প্ৰাক্তন বিধায়ক জীতেন গগৈয়ে অসম জাতীয় পৰিষদত যোগদান কৰে৷ ২০০১ আৰু ২০০৬ চনত বোকাখাত সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈ বিধায়ক নিৰ্বাচিত হৈছিল গগৈ৷ কিন্তু বিগত দুটা বিধানসভা নিৰ্বাচনত গগৈ বোকাখাত সমষ্টিত অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ হাতত পৰাজিত হৈছে৷