
গুৱাহাটীঃ অসমলৈ সুনাম কঢ়িয়াই আনিলে আন এগৰাকী মহিলাই। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ বিজ্ঞান প্ৰতিষ্ঠানৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড০ পূৰবী শইকীয়াক নিৰ্বাচিত কৰা হৈছে বিজ্ঞান যুৱ – শান্তিস্বৰূপ ভাটনাগৰ বঁটা -২০২৪ৰ বাবে।
উল্লেখ্য যে, পৰিৱেশ বিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে এই সন্মান প্ৰদান কৰা হৈছে অসম কন্যাগৰাকীক। ড০ পূৰৱী শইকীয়াৰ গৱেষণা বিশেষজ্ঞতাৰ ক্ষেত্ৰসমূহে উদ্ভিদ পৰিৱেশ বিজ্ঞান, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, আৰু মাটিৰ পৰিৱেশ বিজ্ঞানক সামৰি লৈছে।
বিজ্ঞান প্ৰতিষ্ঠানৰ সঞ্চালক সঞ্জয় কুমাৰৰ লগতে বিজ্ঞান অনুষদৰ ডীন অধ্যাপক এছ এম সিং, আৰু বি এইচ ইউৰ বৈজ্ঞানিক সমিতিৰ বিশিষ্ট সদস্যসকলে ড০ শইকীয়াক এই সন্মানৰ বাবে নিৰ্বাচিত হোৱাৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।
ইয়াৰ পূৰ্বে ড০ শইকীয়াই ৰাঁচীৰ ঝাৰখণ্ডৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত কাৰ্যনিৰ্বাহ কৰিছিল। বিজ্ঞান যুৱ-শান্তি স্বৰূপ ভাটনগৰ বঁটা বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ব্যতিক্ৰমী অৱদান আগবঢ়োৱা যুৱ বিজ্ঞানীসকলক প্ৰদান কৰা এক সন্মানীয় স্বীকৃতি।