
গুৱাহাটীঃ মহানগৰীৰ ভাড়াঘৰত এগৰাকী ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। গুৱাহাটীৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠানৰ ছাত্ৰগৰাকীক হত্যাৰ অভিযোগ উত্থাপন হৈছে প্ৰেমিকাৰ বিৰুদ্ধে।
নিহত ছাত্ৰজনৰ নাম জেনিছ বৰা বুলি জানিব পৰা গৈছে। স্নাতক তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ আছিল জেনিছ। জানিব পৰা মতে, অৰুণাচলৰ এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল জেনিছৰ।
ইফালে শুকুৰবাৰে আহোমগাঁৱৰ ভাড়াঘৰত ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে অৰুণাচলী প্ৰেয়সীয়ে অন্য যুৱকৰ সৈতে মিলি ছাত্ৰজনক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে জেনিছৰ পিতৃয়ে। অভিযোগ অনুসৰি, ছাত্ৰজনৰ মৃতদেহত প্ৰত্যক্ষ হৈছিল আঘাতৰ চিন।
জেনিছৰ পিতৃয়ে ইতিমধ্যে গড়চুক আৰক্ষী থানাত প্ৰেয়সী ছাত্ৰীজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পিছতে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। জানিব পৰা মতে, মৃত্যুৰ এদিন পূৰ্বে বন্ধুলৈ ফোন কৰি বিপদত পৰাৰ কথা কৈছিল জেনিছে।