এতিয়াৰে পৰা মালবাহী গাড়ী চলাবলৈ চালকসকলক প্ৰয়োজন নহয় গধুৰ বাহনৰ অনুজ্ঞাপত্ৰ থকাটো। কিয়নো দেশৰ বাহন চালকসকলক লৈ এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। বুধবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায় অনুসৰি এতিয়াৰে পৰা সৰু চাৰিচকীয়া বাহন চালনৰ অনুজ্ঞাপত্ৰৰেও চলাব পাৰিব মালবাহী বাহন। অৱশ্যে এই সন্দৰ্ভত কিছু চৰ্তও নিৰ্ধাৰণ কৰি দিছে। বুধবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় নেতৃত্বাধীন ন্যায়ালয়ৰ পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে প্ৰকাশ কৰে এই কথা। আদালতে লগতে সৰু গাড়ীৰ লাইচেন্সেৰে মালবাহী গাড়ী চলোৱা সন্দৰ্ভত চৰ্ত বান্ধি দি কয় যে বাহনখনত সামগ্ৰী লোড নকৰাকৈ ওজন ৭৫০০ কেজিতকৈ কম হ’ব লাগিব। আদালতৰ এই চৰ্ত অনুসৰি ইয়াৰ অধীনত মধ্যমীয়া আকাৰৰ ট্ৰাকসমূহো অন্তৰ্ভূক্ত হ’ব। এই গোচৰৰ শুনানি গ্ৰহণ কৰে মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়, ন্যায়াধীশ হৃষিকেশ ৰায়, ন্যায়াধীশ পি এছ নৰসিংহ, ন্যায়াধীশ পংকজ মিট্টল আৰু ন্যায়াধীশ মনোজ মিশ্ৰই।
২৬ত বিজেপি বিৰুদ্ধে মাৰবান্ধি থিয় দিব আহোমসকল, ১০ ডিচেম্বৰত কঁপাব দিল্লী
হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তিনি বছৰ পাৰ কৰি চাৰিটা বছৰত ভৰি দিয়াত তিনি বছৰৰ মূৰকত পুনৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ সৰৱ হৈছে কেইবাটাও সংগঠন৷ ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনৰ দিন চমু…