

ডিজিটেল ডেস্কঃ চলিত পেৰিছ অলিম্পিকৰ পৰা অযোগ্য ঘোষণা কৰাৰ পিছতে মল্লযুঁজৰ পৰা অৱসৰ গ্ৰহণৰ ঘোষণা কৰিছে ভাৰতীয় কিংবদন্তি মহিলা মল্লযুঁজাৰু বিনেশ ফ’গাটে। বুধবাৰে অলিম্পিকৰ ৫০ কেজি ফ্ৰীষ্টাইল মল্লযুঁজ শাখাত ফাইনেলত অৱতীৰ্ণ হোৱাৰ কথা আছিল বিনেশ। কিন্তু তাৰ পূৰ্বে শৰীৰৰ ওজন মাত্ৰ কেইগ্ৰামমান অধিক হোৱাৰ বাবে অযোগ্য ঘোষণা কৰা হয় মহিলা মল্লযুঁজাৰুগৰাকীক।
অলিম্পিকত এনেদৰে আশাহত হোৱাৰ পিছতে এটা আবেগিক টুইট কৰি মল্লযুঁজৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰে বিনেশ ফ’গাটে। অৱসৰৰ কথা ঘোষণা কৰি ভাৰতৰ হৈ তিনিখন অলিম্পিকত অংশগ্ৰহণ কৰা বিনেশ ফ’গাটে লিখিছে, “মা, মোৰ পৰা মল্লযুঁজ জয়ী হ’ল, মই পৰাস্ত হ’লোঁ, ক্ষমা কৰিবা, তোমাৰ সপোন, মোৰ সাহস, সকলো ভাঙি গৈছে আৰু মোৰ এতিয়া ইয়াতকৈ বেছি শক্তি নাই। বিদায় মল্লযুঁজ ২০০১-২০২৪, আপোনালোক সকলোৰে ওচৰত মই সদায় ঋণী হৈ থাকিম, মই ক্ষমাপ্ৰাৰ্থী।’’
উল্লেখ্য যে, ভাৰতৰ অন্যতম শ্ৰেষ্ঠ মল্লযুঁজাৰু হিচাপে বিবেচিত বিনেশ ফ’গাটৰ জন্ম হৈছিল ১৯৯৪ চনত। বিনেশৰ খুড়াক মহাবীৰ সিঙে খুব কম সময়ৰ ভিতৰতে ফ’গাট আৰু তেওঁৰ ভগ্নী ববিতা ফ’গাটক মল্লযুঁজৰ সৈতে পৰিচয় কৰাই দিছিল। বিনেশে তেওঁৰ সম্পৰ্কীয় ভগ্নী গীতা আৰু ববিতাৰ পদাংক অনুসৰণ কৰিছিল আৰু তেওঁলোকৰ পিতৃৰ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৯ বছৰ।
বিনেশৰ খুড়াকে দুয়োগৰাকী ভগ্নীক মল্লযুঁজ শিকাবলৈ আৰম্ভ কৰে আৰু দুয়োগৰাকীয়ে এই খেলবিধ শিকিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে।
২০১৪ চনৰ কমনৱেলথ গেমছত বিনেশ ফ’গাটে প্ৰথমটো বৃহৎ আন্তঃৰাষ্ট্ৰীয় খিতাপ দখল কৰিছিল। সোণৰ পদক লাভ কৰি কেৰিয়াৰৰ এক সুন্দৰ আৰম্ভণি কৰে। তাৰ পিছত ২০১৬ চনৰ ৰিঅ’ অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে যদিও সেই সময়ছোৱাত পদক লাভ কৰাত ব্যৰ্থ হয়। ২০১৮ চনত তেওঁ কমনৱেলথ গেমছ আৰু এছিয়ান গেমছত সোণৰ পদক লাভ কৰিছিল।
২০২১ চনৰ এছিয়ান চেম্পিয়নশ্বিপত প্ৰথমটো সোণৰ পদক লাভ কৰাৰ পিছতো টকিঅ’ অলিম্পিকৰ অংশ হৈয়েই থাকে। ইয়াৰ পিছত ২০২২ চনৰ কমনৱেলথ গেমছত একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক লাভ কৰে।