
গুৱাহাটীঃ সাংবাদিকৰ এটা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি সাংবাদিকৰ নামক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিলে হিন্দু-মুছলমানৰ ৰাজনীতি। শেহতীয়াকৈ এটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানৰ এগৰাকী মুছলমানধৰ্মী সংবাদকৰ্মীৰ নামক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অপমানসূচক মন্তব্য কৰাৰ পিছতে এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
মুখ্যমন্ত্ৰীগৰাকীৰ এনে মন্তব্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে দিছপুৰ প্ৰেছ ক্লাৱৰ দৰে সংস্থাৰ লগে নিজৰ বিবেক বিক্ৰী যাবলৈ নিদিয়া সাংবাদিকসকলেও।
দৰাচলতে বিগত কিছুদিন ধৰি গুৱাহাটীৰ কৃত্ৰিম বানক লৈ ইউ এছ টি এমৰ বিৰুদ্ধে সৰৱ হৈ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ইউ এছ টি এমে পাহাৰ কটাৰ বাবেই গুৱাহাটীত কৃত্ৰিম বানৰ সৃষ্টি হৈছে বুলি যুক্তি দৰ্শোৱা মুখ্যমন্ত্ৰীয়ে প্ৰসংগটোক হিন্দু-মুছলমানৰ আওতালৈও টানি নিয়ে।
ইউ এছ টি এমৰ স্বত্বাধিকাৰ মুছলমান হোৱাৰ বাবে কংগ্ৰেছে ইউ এছ টি এমৰ পক্ষ লোৱা বুলি দাবী কৰে মুখ্যমন্ত্ৰীয়ে। কিন্তু তাৰ মাজতে শেহতীয়াকৈ সামাজিক মাধ্যমত চৰ্চালৈ আহিছে মুখ্যমন্ত্ৰীৰ অনুমোদন সাপেক্ষে কটা পাহাৰৰ দৃশ্যও।
এনে প্ৰসংগতে শ্বাহ আলম নামৰ সংবাদকৰ্মী গৰাকীয়ে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছিল, ”আপোনাৰ সমষ্টি আৰু মান্দাকাটা পাহাৰ কটা বুলিও চৰ্চা চলিছে…’’
এই চিধা আৰু সৰু প্ৰশ্নটোৰ সঠিক উত্তৰ দিবলৈ ব্যৰ্থ হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰথমে তেওঁ মান্দাকাটাৰ পাহাৰ কটাৰ বাবে ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীত পানী হ’ব নেকি বুলি কথাষাৰ পাতলাবলৈ চেষ্টা চলায়। ইয়াৰ পিছতে তেওঁ মুখেৰে বাহিৰ কৰে তেওঁৰ লেতেৰা ৰাজনীতিৰ ‘বিশেষ’ অস্ত্ৰ’।
মুখ্যমন্ত্ৰীয়ে ‘আপুনি ইউ এছ টি এমৰ পক্ষ কিয় ল’ব বিচাৰিছে মই বুজি পোৱা নাই’ বুলি সাংবাদিক উভতি প্ৰশ্ন কৰি তাৰ পিছতে প্ৰশ্নকৰ্তা সাংবাদিকগৰাকীক তেওঁৰ নাম সোধে। সাংবাদিকগৰাকীয়ে তেওঁৰ নাম শ্বাহ আলম বুলি কোৱাৰ লগে লগে ধৰ্মীয় ৰাজনীতিৰ শানপাত মেলি দিয়ে মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰে, ”আপোনালোক শ্বাহ আলম বা ইউ এছ টি এমৰ মহিবুল হক, আপোনালোকে বস্তবোৰ এনেকৈ মেলি দিছে যে আমি থাকিব পাৰিম নে নাই সন্দেহ হৈছে। … মই শ্বাহ আলমক প্ৰশ্ন সুধিম, কেতিয়াবালৈকে আমিবোৰ থাকিম নে নাই? থাকিব দিব নে নাই? এই কথাটো ক’ব। আমি অসমত থাকিব পাৰিম নে নাই এইটো আমাক বুজাই দিব। শ্বাহ আলম, মহিবুল হকে হিমন্ত বিশ্ব শৰ্মা, ৰামেশ্বৰ তেলীক থাকিব দিব নে নাই সেইটো কথা চিন্তা কৰা উচিত।’’
এগৰাকী সাংবাদিকৰ নামক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে নিকৃষ্ট চিন্তাই হতভম্ব কৰিছে সচেতন মহলক। মুখ্যমন্ত্ৰীৰ এনে মন্তব্যক গৰিহণা দিছে দিছপুৰ প্ৰেছ ক্লাৱেও। প্ৰেছ ক্লাৱটোৰ সভাপতি ড০ নৰেন হাজৰিকা আৰু সম্পাদক কুঞ্জ মোহন ৰায়ে মুখ্যমন্ত্ৰীৰ মন্তব্য দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে। এনে মন্তব্যই সাংবাদিকক আঘাত দিয়ে বুলি উল্লেখ কৰি ভৱিষ্যতে সাংবাদিকক লৈ এনেধৰণৰ মন্তব্য নকৰিবলৈ সকলো ৰাজনৈতিক দলৰ নেতা-কৰ্মীক আহ্বান জনায় দিছপুৰ প্ৰেছ ক্লাৱে।