
গুৱাহাটীঃ চাকৰি পোৱা নাৰ্ছসকলে সোনকালে বিয়া পাতিব লাগে। – এই পৰামৰ্শ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
মঙলবাৰে নাৰ্ছক বিয়া পাতিবলৈ পৰামৰ্শ দি হিমন্ত বিশ্ব শৰ্মাই কয় যে চৰকাৰে বাল্য বিবাহহে বন্ধ কৰিছে, কিন্তু উপযুক্ত বয়সত বিয়া পতাটো বন্ধ কৰা নাই।
মুখ্যমন্ত্ৰী শৰ্মাই কয়, ”চাকৰি পোৱা নাৰ্ছসকলে সোনকালে বিয়া পাতিব লাগে। আমি বাল্য বিবাহ বন্ধ কৰিছো, উপযুক্ত বয়সত পতা বিয়া বন্ধ কৰা নাই। ছোৱালীবোৰে সোনকালে বিয়া পাতিব লাগে, সময়ত পাতিব লাগে আৰু সন্তান জন্ম দিব লাগে।’’