‘যদি কোনোবা নদীলৈ গৈ ঘূৰি নাহে তেন্তে সকলো নিয়তিৰ পৰিহাস’

২২ জুলাইৰ পৰা নিৰুদ্দেশ হৈ থকা অসমীয়া সংগীত জগতৰ নক্ষত্ৰ তথা বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱাক লৈ পুনৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ ২২ জুলাইত লতাশিলৰ গণেশ মন্দিৰলৈ যাম বুলি ঘৰৰ পৰা ওলাই গৈ নিৰুদ্দেশ হৈ থকা ৰমেন বৰুৱাক লৈ মুখ্যমন্ত্ৰীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰিছে৷

ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰমেন বৰুৱা ব্ৰহ্মপুত্ৰৰ নদীলৈ যোৱাৰ প্ৰমাণ আছে৷ উভতি অহাৰ প্ৰমাণ নাই। যদি কোনোবা নদীলৈ গৈ ঘূৰি নাহে, তেন্তে সকলো নিয়তিৰ পৰিহাস বুলি মানি লোৱা উচিত। উচ্চ ন্যায়লয়ৰ অধিবক্তাৰ সৈতে কথা পাতিছো, তেওঁ নদীলৈ গৈছে, কিন্তু ঘূৰি অহা নাই। পুৱাৰ ভাগত প্ৰচণ্ড মানসিক চাপ পাইছিল, যাৰ বাবে তেওঁ নদীলৈ গুচি গৈছিল।

উল্লেখ্য যে, তিনিটা দিন অতিক্ৰমী গ’ল যদিও আজিও সন্ধান ওলোৱা নাই সংগীত পৰিচালক ৰমেন বৰুৱাৰ৷ স্বনামধন্য সংগীত পৰিচালকজন নিৰুদ্দেশ হোৱাৰ ঘটনাক অসমীয়া সমাজে সহজে ল’ব পৰা নাই৷ দিনে-নিশাই অভিযান চলােৱাৰ পাছতো ৰমেন বৰুৱাৰ কোনো শুংসূত্ৰ উদ্ধাৰ হোৱা নাই৷ প্ৰকৃততে নদীত জাপ দিলে নে পিছলি পৰিল নে অন্য ঠাইত আছে সেয়া স্পষ্ট কৰিব পৰা নাই আৰক্ষীয়ে৷ সময় পাৰ হৈ যোৱাৰ লগে লগে পৰিয়াল, অসমবাসী উদ্বিগ্ন হৈছে৷ অসমবাসীয়ে তেখেতক সুস্থ শৰীৰে উভতি অহাৰ কামনা কৰিছে৷ ব্ৰহ্মপুত্ৰৰ পানীৰ কাষলৈ ৰমেন বৰুৱা নামি যোৱাৰ তথ্য পােৱা বুলি কৈছে আৰক্ষীয়ে। কিন্তু উভতি অহাৰ কোনো তথ্য নাই আৰক্ষীৰ হাতত। আৰক্ষীৰ স্নিফাৰ ডগে ব্ৰহ্মপুত্ৰৰ পানীৰ যুৱলিলৈ গৈছে।

  • Brahmaputra Times

    Related Posts

    জনতা ভৱনত ধৰা পৰা খকুৱা পাৰ্থৰ ঘৰত টকাৰ উজান, উদ্ধাৰ হ’ল ৪৭ লাখ

    ডিজিটেল ডেস্কঃ  এইবাৰ অসম চৰকাৰৰ বৰঘৰতে হাত দাঙিলে এজন আবকাৰী বিষয়াই ৷ ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ড জনতা ভৱনতে হাত দাঙিলে এজন আবকাৰী বিষয়াই । অভিযুক্ত ঘোচখোৰ আবকাৰী বিষয়াজন পাৰ্থ হাজৰিকা ৷…

    বহিঃৰাষ্ট্ৰৰ পৰা নিয়ন্ত্ৰণ হয় কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ছ’চিয়েল মিডিয়া: জয়ন্ত মল্ল

    ডিজিটেল সংবাদঃ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ছ’চিয়েল মিডিয়াৰ হেণ্ডেল বহিঃৰাষ্ট্ৰৰ পৰা নিয়ন্ত্ৰণ হয় বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অভিযোগ কৰিছে। সামাজিক মাধ্যমত মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ শীৰ্ষ নেতাসকলৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰি কয়…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ