
যোৰহাটৰ ফুটপাথত উদ্ধাৰ এটি নৱজাতক শিশু। সোমবাৰে নিশা যোৰহাটৰ শিশু হোষ্টেলৰ ঠিক পিছফালে এ টি ৰোডৰ দেৱীচৰণ বৰুৱা বালিকা মহাবিদ্যালয়ৰ সমীপত উদ্ধাৰ হয় দেশশিশুটি।
ফুটপাথেৰে পাৰ হৈ যোৱা দুগৰাকী মহিলাই শিশুটিৰ কান্দোন শুনি লগে লগে খবৰ দিয়ে আৰক্ষীক। ইয়াৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দেৱশিশুটি উদ্ধাৰ কৰি জৰুৰী চিকিৎসাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰে।
ফুটপাথত এনেদৰে পৰিত্যক্ত অৱস্থাত এটি নৱজাতক উদ্ধাৰ হোৱাৰ ঘটনাই সমগ্ৰ যোৰহাটতে জোকাৰণিৰ সৃষ্টি কৰিছে।