লক্ষ্য উপ-নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচনঃ আমবাৰিত অগপৰ বৰ্ধিত কাৰ্যনিৰ্বাহক

উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনত বিজয় নিশ্চিত কৰাৰ লক্ষ্য লৈ তৎপৰ হৈছে বিজেপিৰ সহযোগী আঞ্চলিক দল অসম গণ পৰিষদ৷ আজি দলটোৰ সভাপতি অতুল বৰাৰ পৌৰাহিত্যত আমবাৰীস্থিত দলৰ মুখ্য কাৰ্যালয়ত বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়৷ সভাত কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, দলৰ উপ-সভাপতিসকল, সাধাৰণ সম্পাদক আৰু সম্পাদকসকল, কেন্দ্ৰীয় সমিতিৰ বিষয়-ববীয়াসকল, জিলা সমিতিসমূহৰ সভাপতিসকল আৰু ভাতৃ-ভগ্নী পৰিষদসমূহৰ সভাপতি আৰু বিষয়-ববীয়াসকল উপস্থিত থাকে।

জানিব পৰা মতে, এই সভাত উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হয়৷ দলৰ নেতা-কৰ্মীক পূৰ্ণোদ্যমে সাংগঠনিক কাম-কাজত মনোনিবেশ কৰিবলৈ আহ্বান জনাই অতুল বৰাই। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ জনহিতৈষী আঁচনিক লৈ জনসজাগতা সৃষ্টি কৰাৰ ক্ষেত্ৰত কাম কৰিবলৈ দলৰ নেতা-কৰ্মীক আহ্বান জনাই সভাপতি বৰাই৷

  • Related Posts

    গীতাশ্ৰী তামুলীক লৈ বদৰুদ্দিন আজমলৰ অভব্য মন্তব্য

    অসমৰ ৰাজনৈতিক পৰিসৰত নতুন বিতৰ্ক সূচনা হৈছে। সংখ্যালঘু ৰাজনীতিৰ দল এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে অখিল গগৈৰ পত্নী, শিক্ষাবিদ আৰু লেখিকা গীতাশ্ৰী তামুলীক লৈ ৰাজহুৱাকৈ “বুঢ়ী” বুলি সম্বোধন কৰাত সমাজ-ৰাজনীতিৰ বিভিন্ন…

    গুৱাহাটীৰ আইআইটিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ৰ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

    গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানক (আইআইটি) আয়োজিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ যুৱশক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত অগ্ৰণী ভূমিকা ল’বলৈ আহ্বান জনায়।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…