তপন কুমাৰ শইকীয়া, লাহোৱালঃ স্মাৰ্ট মিটাৰৰ জড়িয়তে অসম চৰকাৰে অসমৰ মানুহৰ ওপৰত ডকাইতি কৰিছে, লুণ্ঠন চলাইছে। গৌতম আদানিক এই স্মাৰ্ট মিটাৰৰ ঠিকা দি লুণ্ঠন চলাইছে চৰকাৰে। এই দাবীৰে লাহোৱালত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসমীয়া মহিলা মঞ্চৰ ডিব্ৰুগড় জিলা সমিতি আৰু স্হানীয় ৰাইজে।
স্মাৰ্ট মিটাৰৰ জৰিয়তে লুণ্ঠনৰাজ চলোৱা চৰকাৰখনক তীব্ৰ সমালোচনাৰে আজি প্ৰতিবাদকাৰীসকলে লাহোৱাৰ উত্তাল কৰি তোলে।
হাতে হাতে প্লেকাৰ্ড লৈ মুখ্যমন্ত্ৰী মুৰ্দাবাদ, শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচা মুৰ্দাবাদ ধ্বনিত উত্তাল হয় লাহোৱাল।
লাহোৱালত স্মাৰ্ট মিটাৰ বন্ধ নকৰিলে পৰিস্থিতি অধিক ভয়াবহ হব বুলি স্পষ্ট কৰি দিছে অসমীয়া মহিলা মঞ্চৰ ডিব্ৰুগড় জিলাৰ সমিতিয়ে।