শংকৰজ্যোতিক হেণ্ডকাফ লগোৱা কাণ্ডক তীব্ৰ গৰিহণা এজেপিৰ

আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক হাতত হেণ্ডকাফ লগাই ডিব্ৰুগড় আদালত চৌহদত ঘুৰাই ফুৰোৱা কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে। জাতীয়তাবাদী আঞ্চলিক দলটোৰ মতে, শংকৰজ্যোতিয়ে যদি কিবা অপৰাধ কৰিছে, তাৰ আইনগত শাস্তি নিশ্চয় হ’ব, আইনে তাৰ পথ লব। কিন্তু দাগী অপৰাধীৰ দৰে প্ৰাক্তন ছাত্ৰ নেতাজনক এনেদৰে হেণ্ডকাফ লগাই প্ৰদৰ্শন কৰি ফুৰাৰ আঁৰত আৰক্ষীৰ কি উদ্দেশ্য থাকিব পাৰে, সেইটোহে বিচাৰ্য বিষয়। এই ক্ষেত্ৰত অসম আৰক্ষী বিজেপি দল আৰু ইয়াৰ চৰকাৰৰ ৰাজনৈতিক উদ্দেশ্য পূৰণৰ হাথিয়াৰ হিচাপে ব্যৱহাৰ হৈছে নেকি সেইটোও চাবলগূয়া বিষয় বুলি দলটোৱে মত প্ৰকাশ কৰে। জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই আজি এক প্ৰেছ বিজ্ঞপ্তিত কয় যে দুলীয়াজানৰ পেট্ৰ’ল পাম্প এটাত হোৱা সংঘাতক লৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ আইনে এইক্ষেত্ৰত নিজৰ পথ ল’ব৷ শংকৰজ্যোতিৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বিচাৰ আদালতে কৰিব। কিন্তু, তেওঁক দুৰ্ধৰ্ষ অপৰাধীৰ দৰে হেণ্ডকাফ লগাই নিয়া কাৰ্য পোনপটীয়াকৈ ছুপ্ৰিম কোৰ্টৰ গাইডলাইনছ উলংঘা৷ এয়া সংবিধান বিৰোধী আৰু মানৱ অধিকাৰ উলংঘন৷ হেণ্ডকাফ কাক, কেতিয়া লগাব লাগে উচ্চতম ন্যায়ালয়ৰ স্পষ্ট নিৰ্দেশনা আছে। অসম আৰক্ষীয়ে সেয়া মানিছেনে? নে নিজৰ জিম্মাত সাধাৰণ অভিযুক্তক ধৰি ৰাখিব পৰা আত্মবিশ্বাসকণো আৰক্ষীৰ নোহোৱা হ’ল? এনে বেআইনী আচৰণৰ আঁৰৰ কাৰণ আৰু ৰহস্য কি? গগৈ আৰু ভূঞাই কয় যে ভাৰতীয় আইন অনুসৰি, কোনোবাই যদি গ্ৰেপ্তাৰ প্ৰতিহত কৰিবলৈ চেষ্টা কৰে বা পলাই যাবলৈ চেষ্টা কৰে তেন্তে আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ প্ৰয়োজনীয় শক্তি প্ৰয়োগ কৰিব পাৰে। অপৰাধটো কিমান গুৰুতৰ তাৰ ওপৰত নিৰ্ভৰ কৰি হেণ্ডকাফ ব্যৱহাৰ কৰিব পাৰি—বিশেষকৈ অভ্যাসগত অপৰাধী, সন্ত্ৰাসবাদী, ধৰ্ষণ, হত্যা, এচিড আক্ৰমণ, ড্ৰাগছ সৰবৰাহ বা শিশু বা ৰাষ্ট্ৰৰ বিৰুদ্ধে অপৰাধৰ সৈতে যিসকল জড়িত তেওঁলোকৰ ক্ষেত্ৰত৷ কোনো অভিযুক্তক হেণ্ডকাফ লগোৱাৰ পূৰ্বে দণ্ডাধীশৰ অনুমতিৰো প্ৰয়োজন বুলি উচ্চতম ন্যায়ালয়ৰ স্পষ্ট নিৰ্দেশনা আছে৷ তেনেক্ষেত্ৰত বিচাৰাধীন বিষয় এটাত শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগাই চোঁচৰাই ফুৰোৱাটো অসম আৰক্ষীৰ দৃষ্টিকটু আচৰণ বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই কয় যে দেখ দেখ মানৱ অধিকাৰ আৰু সংবিধান উলংঘন৷ ইয়াৰ উত্তৰ অসম আৰক্ষীৰ ডিজিপি আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে দিবই লাগিব। গগৈ আৰু ভূঞাই কয় যে অসমত আইনৰ শাসন চলিব লাগিব৷ এইকথা আমি বাৰে বাৰে কৈ আহিছোঁ৷ আইনৰ শাসনক একাষৰীয়া কৰি অসমক পুলিচ ষ্টেট কৰিব খোজা সকলো মহলৰ সকলোধৰণৰ অত্যুৎসাহী অনুশীলন তৎকালে বন্ধ কৰিব লাগিব৷ দেশত আইন আছে৷ আইন-আদালতক নিজৰ কাম কৰিবলৈ দিয়ক৷ আনহাতে, অসম আৰক্ষীৰ এই কাৰ্যই অসমত জনগোষ্ঠীসমূহৰ মাজত ভুল বুজাবুজিৰো সৃষ্টি কৰিব পাৰে বুলি মত প্ৰকাশ কৰি গগৈ আৰু ভূঞাই কয় যে আৰক্ষীয়ে এই বিষয়টোৰ স্পৰ্শকাতৰতা উপলব্ধি নকৰাটো চিন্তনীয়।

  • Related Posts

    গোমাংসক লৈ সুৰ সলনি, হাচিলা বিলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰা আৰু ধুবুৰী জিলাৰ দৌৰা কৰি উচ্ছেদ অভিযানৰ পৰিস্থিতি পৰ্যালোচনা কৰে। পুৱা গোৱালপাৰাৰ হাচিলা বিলত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ড্ৰোনৰ সহায়ত এলেকা পৰিদৰ্শন কৰে আৰু…

    চাহ জনগোষ্ঠী-আদিবাসীক বছৰৰ পিছত বছৰ ধৰি বিজেপিয়ে প্ৰতাৰণা কৰাৰ অভিযোগ ৰ’জনীলা তিৰ্কীৰ

    ৰাজ্যৰ চাহ জনগোষ্ঠী আৰু আদিবাসী লোকসকলক বিজেপি দল আৰু চৰকাৰে চৰম প্ৰতাৰণা কৰা বুলি আজি তথ্যসমৃদ্ধ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰ’জলীনা তিৰ্কীয়ে। গুৱাহাটীৰ ৰাজীৱ ভৱনত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ