
শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু আহোম সংগঠনসমূহৰ মাজৰ সংঘাতৰ পৰিপ্ৰেক্ষিতত গহপুৰৰ ককিলাগুৰি গাঁৱৰ ১৭টা আহোম পৰিয়ালে আজি সংঘ ত্যাগ কৰি পৰম্পৰাগত ফুৰালুং ধৰ্মলৈ উভতি অহাৰ ঘোষণা কৰে। ইয়াৰ লগতে তেওঁলোকে সংঘৰ সৈতে সকলো সম্পৰ্ক ছেদ কৰাৰো সিদ্ধান্ত জনায়।
প্ৰধান কাৰণ
যোৱা ৩১ জানুৱাৰীত ককিলাগুৰিৰ ৰঙ্গমঞ্চত অনুষ্ঠিত মে-ডাম-মেফী (আহোম পূৰ্বপুৰুষৰ আৰাধনা)ৰ এক অনুষ্ঠানত সভাপতিত্ব কৰাৰ বাবে শংকৰ সংঘৰ পৰা সম্প্ৰতি বহিষ্কৃত হোৱা চন্দ্ৰ বৰুৱাৰ ঘটনাক এই সিদ্ধান্তৰ মুখ্য কাৰণ হিচাপে চিহ্নিত কৰা হৈছে। সংঘৰ ককিলাগুৰি শাখাই ১২ ফেব্ৰুৱাৰীত বৰুৱালৈ পঠিওৱা জাননীত তেওঁক সংগী পদৰ পৰা আতৰোৱাৰ লগতে ৫০০ টকা জৰিমনা আৰু “সংস্কাৰ”ৰ শর্তৰ উল্লেখ কৰে। এই জাননী ৰাজহুৱা হোৱাৰ পিছত আহোম সংগঠনসমূহৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া দেখা দিয়ে।
পৰিৱৰ্তনৰ ঘোষণা:
বৃহৎ সংখ্যক আহোম পৰিয়ালে শংকৰ সংঘৰ ধূতি-পঞ্জাবী পৰিবৰ্তন কৰি আজি আহোম পৰম্পৰাৰ সাজ-পাৰ পিন্ধি ফুৰালুং ধৰ্ম গ্ৰহণৰ প্ৰতীকী অনুষ্ঠানত অংশ লয়। ধলপুৰৰ যোৰহটীয়া ফুৰালুং সংঘৰ সহায়ত এই কাৰ্যসূচী সম্পন্ন কৰা হয়। চন্দ্ৰ বৰুৱাই কয়, “আমি আমাৰ মূল ৰীতি-নীতিৰে জীৱন-যাপনৰ সিদ্ধান্ত লৈছোঁ। সংঘই আমাক ধৰ্মৰ নামত বিভেদ সৃষ্টি কৰিব নোৱাৰে।”
সংঘাতৰ পৰিণতি:
এই বিবাদৰ ফলত সংঘৰ সমবিধান পুৰি পেলোৱা, থানাত অভিযোগ দাখিল আদি ঘটনাৰ মাজেৰে উত্তৰাঞ্চলৰ সামাজিক পৰিস্থিতি অস্থিৰ হৈ পৰিছিল। আহোম সন্থাসমূহে সংঘৰ এই কাৰ্যক “সাংস্কৃতিক দমন” বুলি অভিহিত কৰে। আনহাতে, শংকৰ সংঘৰ একাংশ নেতাই ইয়াক আভ্যন্তৰীণ নীতিৰ প্ৰয়োগ বুলি কয়।
ভৱিষ্যৎ সম্ভাৱনা:
সূত্ৰমতে, মধ্য আৰু উজনি অসমৰ বহু আহোম পৰিয়ালেও শংকৰ সংঘ ত্যাগৰ প্ৰস্তুতি চলাইছে। এই ঘটনাই ৰাজ্যত সাংস্কৃতিক আৰু ধাৰ্মিক পৰিচয়ৰ পুনৰ্বিচাৰৰ বিতৰ্কৰ সূচনা কৰিছে।