
অসম চৰকাৰে ২০২২ চনৰ ডিচেম্বৰত মাহত লোৱা কেবিনেট সিদ্ধান্ত অনুসৰি অসম মটৰ বাহন এগ্ৰিগেটৰ বিধি নামৰ নতুন বিধিমালা প্ৰবর্তন কৰিবলৈ আগবাঢ়িছে৷ এই নতুন বিধিৰ দ্বাৰা ব্যক্তিগত নম্বৰ প্লেটৰ দুচকীয়া বাহন ৰেপিড’, অ’লা-উবেৰ আদিত ব্যৱহাৰ কৰিব পাৰিব৷ ৩০ জুনৰ ভিতৰত সকলো বাইক হালধিয়া নম্বৰ তথা কৰ্মাচিয়েল কৰি পাৰমিট ল’ব লাগিব৷ হালধিয়া নম্বৰ প্লেট কৰি লোৱা কথাটোত গুৰুত্ব দিছে পৰিবহন বিভাগে৷ দুচকীয়া বাইক ফাইনেন্স কৰা বিত্তীয় সংস্থা, এগ্ৰিগেটৰসকল, মটৰচাইকেল কোম্পানী আৰু পৰিবহন বিভাগে দুচকীয়া বাইকেৰে যাত্ৰী কঢ়িয়াই অৰ্থ উপাৰ্জনৰ পথ অধিক সুগম কৰি দিয়াৰ বাট মুকলি কৰিছে৷ সহজতে এখন মটৰচাইকেল কৰ্মাচিয়েল পঞ্জীয়ন কৰাত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷ যাত্ৰীয়ে দুচকীয়া বাহন ব্যৱহাৰৰ সময়ত যদি কিবা দুৰ্ঘটনা ঘটে তেতিয়া ৰাইডাৰজনৰ সকলো তথ্য এগ্ৰিগেটৰে যাতে দিব পাৰে তাৰ বাবে এই আইনে সহায় কৰিব৷ ৰাইজৰ সুৰক্ষাৰ বাবে এই আইন৷ নতুনকৈ পঞ্জীয়ন কৰিবলৈ কোনো টেক্স দিব নালাগে৷ এগ্ৰিগেটৰ ওচৰত বা পৰিবহন কাৰ্যালয়লৈ আহি পঞ্জীয়ন কৰিলে ‘ইয়েল’ কালাৰৰ নম্বৰ প্লেট লাভ কৰিব৷ থলুৱা তথা শিক্ষিত নিবনুৱাক স্বতন্ত্ৰভাৱে উপাৰ্জনৰ পথ মুকলি কৰিব যাতে পাৰে তাৰ বাবে অসম চৰকাৰৰ পৰবিহন বিভাগে ব্যাপক প্ৰচাৰ-প্ৰসাৰ আৰম্ভ কৰিছে৷ আজি কামৰূপ মহানগৰ পৰিবহন বিষয়াৰ কাৰ্যালয়ে বাইকৰ ডিলাৰ, মটৰচাইকেলৰ মালিকসকলৰ উপস্থিতত প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়৷ বেটকুছিস্থিত কামৰূপ মহানগৰ পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এই সভাত অসম মটৰ বাহন এগ্ৰিগেটৰ বিধি সন্দৰ্ভত প্ৰশিক্ষণ দিয়া হয়৷ মানুহে নিজৰ ব্যক্তিগত বাহন ৰাইড-হেইলিং এগ্ৰিগেটৰৰ সৈতে সংযুক্ত কৰাৰ সন্দৰ্ভত আলোচনা কৰাৰ লগতে চালকসকলে নিজৰ লগতে আনৰ জীৱন কেনেদৰে ৰক্ষা কৰিব তাকে লৈ প্ৰশিক্ষণ দিয়া হয়৷ এই সভাত জ্যেষ্ঠ পৰিবহন বিষয়া তথা সহকাৰী পৰিবহন আয়ুক্ত গৌতম দাস উপস্থিত থাকি হাতজোৰ কৰি সোনকালে ৰাইডাৰসকলক হালধিয়া নম্বৰ কৰিবলৈ কাতৰ আহ্বান জনাইছে৷ এই নতুন বিধিৰ দ্বাৰা এনে ৰাইড এগ্ৰিগেটৰ ব্যৱসায়ক নিয়ন্ত্ৰণ কৰাৰ লগতে চহৰৰ চেয়াৰ মোবিলিটি বা বাহন পুলিঙৰ ক্ষেত্ৰ উন্নত কৰি যাতায়াত সহজ কৰিব বুলি কয়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় পথ-পৰিবহন মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ সুবিধাৰ স্বাৰ্থত এই আইনখন আনিছে বুলি কয়৷ আইনখন শীঘ্ৰে বলবৎ হ’ব৷ গৌতম দাসে কয় যে অসম চৰকাৰৰ ‘অসম মটৰ বাহন এগ্ৰিগেটৰ বিধি’য়ে সাধাৰণ মানুহ, বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ বাবে নিজৰ প্ৰধান কৰ্মৰ উপৰিও অতিৰিক্ত আয়ৰ পথ মুকলি কৰিব। যিকোনো শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে এখন বাইক যোগে স্বতন্ত্ৰ উপাৰ্জন কৰিবলৈ ৰাজ্য চৰকাৰে অসম মটৰ বাহন এগ্ৰিগেটৰ বিধিৰ অধীনত দুচকীয়া বাহন নন-ট্ৰেন্সপৰ্ট মটৰচাইকেলক ৰাইড এগ্ৰিগেটৰৰ সৈতে সংযুক্ত কৰাৰ সুবিধা পাইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তত্বাৱধানাত থলুৱা নিবনুৱাক স্বাৱলম্বী কৰিবলৈ যিসকলৰ চাৰিচকীয়া বাহন আছে, তেওঁলোকে এতিয়া পুলিং চাৰ্ভিছ দিব পাৰিব। ৰেপিড’ অলা-উবেৰত পঞ্জীয়ন কৰি নিজকে স্বাৱলম্বী কৰিব পাৰিব৷ এজন ব্যক্তি ব্যক্তিগত বাহনত কৰ্মস্থললৈ যাওঁতে যদি তেওঁৰ বাহনত অন্য চাৰি গৰাকী যাত্ৰী উঠায়, তেনেহ’লে তাক পুলিং চাৰ্ভিছ বুলি গণ্য কৰা হয়৷ লগতে আজিৰ শিবিৰত চালকসকলে নিজৰ লগতে আন পথচাৰীৰ বিপদমুক্ত কৰি ৰাখিবলৈ যান-বাহন আইনত সন্নিবিষ্ট পথৰ নিয়ম-নীতি মানি গাড়ী চলোৱাত গুৰুত্ব প্ৰদান কৰে৷ ট্ৰেফিক ৰোল উলংঘা কৰিলে পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাক গুৰুত্ব দিয়া হৈছে৷ জ্যেষ্ঠ পৰিবহন বিষয়া আৰু যান-বাহন আৰক্ষীৰ কেইবাজনো বিষয়াৰ উপস্থিতিত অনুষ্ঠিত শিবিৰত চালকসকলক কেইবাটাও বিষয়ত গুৰুত্ব দিবলৈ কোৱা হৈছে৷ বিষয়াসকলে কয় যে গাড়ীখন চলাওঁতে যিমান পাৰি পথৰ বাওঁফালেৰে চলাব আৰু বিপৰীত দিশৰ পৰা অহা গাড়ীক সোঁফালৰে যাব দিয়া, বাওঁদিশলৈ ঘূৰোঁতে, মূল পথৰ বাওঁকাষলৈ গৈ, সোমাব খোজা পথটোৰ বাওঁ কাষেদি প্রয়োজনীয় সংকেট দি আগবাঢ়িব লাগে৷ চালকসকলে সদায়েই সোঁদিশলৈ ঘূৰোঁতে মূল পথটোৰ মাজ ভাগলৈ আহি, সোমাব খোজা পথটোৰ বাওঁ ফালেদি আগবাঢ়িব লাগে, দুর্ঘটনাৰ পৰা হাত সাৰিবলৈ একে দিশেৰে গৈ থকা গাড়ীৰ সদায় সোঁফালে সংকেত দিহে অতিক্রম কৰিব লাগে৷ সংকেত দি সোঁফালে ঘূৰিব খোজা গাড়ীখনৰ বাওঁফালেদি অতিক্ৰম কৰি আগবাঢ়িব লাগে৷ পিছৰ পৰা আহি থকা গাড়ীয়ে অতিক্ৰম কৰিলে গাড়ীৰ গতিবেগ বৃদ্ধি কৰিব নালাগে৷ উপ-পথৰ পৰা মূল পথত উঠোতে, মূল পথৰ গাড়ীখনক সদায় অগ্রাধিকাৰ দিব লাগে। এম্বুলেঞ্চ আৰু অগ্নিনির্বাপক গাড়ীক পথ অতিক্ৰম কৰাৰ অগ্ৰাধিকাৰ দিয়া, ৰিয়াৰ ভিউ মিৰ’ত চাই-চিতি প্রয়োজন সাপেক্ষে সংকেত দিহে গাড়ী চলোৱাটো বাঞ্চনীয় বুলি কয় বিষয়াসকলে৷ গতিবেগ সলাওঁতে, ৰখাওঁতে, ঘূৰোতে প্রয়োজনীয় সংকেত দিয়া, গাড়ীৰ ভিতৰত নিজে ধূমপান নকৰাৰ লগতে আনকো কৰিব নিদিয়া। ইপিনে বাছৰচালক, কৰ্মচাৰীক বিশেষ গুৰুত্ব দিবলৈ কোৱা হৈছে৷ গাড়ীৰ পাওদানীত যাত্রী থিয় হৈ নাযায় তাৰ প্রতি বিশেষ লক্ষ্য ৰখা, যাত্রী উঠিবলৈ বা নামিবলৈ ধৰোঁতে হঠাৎ গাড়ীখন চলাই দিয়া বিষয়টোক লৈও আলোচনা কৰা হয়৷ যাত্রী লাভৰ আশাত অস্বাস্থ্যসন্মতভাৱে আন গাড়ীৰ লগত গতিবেগৰ প্ৰতিযোগিতাত নকৰা। বাছ ৰখোৱাৰ নিৰ্ধাৰিত আস্থানৰ বাহিৰে আন স্থানত গাড়ী নৰখোৱা, চালকে পথৰ মাজভাগত ৰাখি, যাত্রী উঠোৱা-নমোৱা কৰাটো আনুচিত বুলি উল্লেখ কৰে৷ যাত্রা আৰম্ভ কৰাৰ সময়-সূচী থাকিলে সময়-সূচী মানি চলা, খৰ খেদাকৈ বাছত উঠাৰ পৰা বিৰত থকা, বাছ ৰখা ঠাইত শাৰী পাতি ৰৈ গাড়ীত উঠা, উঠা-নমাৰ সময়ত ঠেলা-হেচা নকৰা, চালকৰ সৈতে কথা পাতি অন্যমনস্ক নকৰা, বাছৰ ভিতৰৰ পৰা কোনো বস্তু বাহিৰলৈ দলিয়াব নালাগে কিয়নো বাটৰুৱা, চাইকেল আৰোহী আঘাত-প্রাপ্ত হ’ব পাৰে৷ বাহিৰলৈ থু, পিক পেলাব নালাগে, খিৰিকীৰে হাত-মূৰ নুলিওৱা, খোজ কাৰোতে সদায় পদপথ ব্যৱহাৰ কৰা আদি বিষয়ক গুৰুত্ব প্ৰদান কৰা হয়। আজিৰ শিবিৰতত জ্যেষ্ঠ পৰিবহন বিষয়া গৌতম দাসে বহিঃৰাজ্যৰ বাহনে অসমত পঞ্জীয়ন কৰিব লাগিব বুলি উল্লেখ কৰি কয় যে বহিঃৰাজ্যত পঞ্জীয়ন কৰি আমাৰ ৰাজ্যখনত চলাই থকা যান-বাহনসমূহ অসমত পুনৰ পঞ্জীয়ন কৰিব লাগিব। বিশেষকৈ বহিঃৰাজ্যৰ পঞ্জীয়ন থকা বাহন আমাৰ ৰাজ্যখনৰ উদ্যোগ প্রতিষ্ঠানত ব্যৱহৃত হ’ব নোৱাৰিব বুলিও তেওঁ ব্যক্ত কৰে। ইতিমধ্যে এই বিষয়টো পৰিবহণ বিভাগৰ দৃষ্টিগোচৰ হৈছে আৰু এনে বাহনৰ গৰাকীক কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ নথি-পত্র সঠিক কৰি লবলৈ কোৱা হৈছে। কিয়নো সঠিক নথি-পত্র অবিহনে কোনো গাড়ী-মটৰবে আইনী অস্তিত্ব নাথাকে। এই সন্দর্ভত তেওঁ কয় যে গুৱাহাটী উত্তৰ-পূর্বাঞ্চলৰ দুৱাৰমুখ। সেয়ে আমাৰ ৰাজ্যখনত নাগালেণ্ড, মণিপুৰ, মেঘালয়, মিজোৰামকে ধৰি চুবুৰীয়া ৰাজ্যৰ বহু বাহন ইয়ালৈ অনা হয়। সেয়েহে ব্যক্তিগত তথা প্রতিষ্ঠানসমূহে গাড়ী-মটৰসমূহ অসমৰ জিলা পৰিবহণ বিষয়াৰ কার্যালয় পঞ্জীয়ন কৰাটো জৰুৰী। আজিৰ প্ৰশিক্ষণ শিবিৰত পৰিবহন বিভাগৰ সহকাৰী আয়ুক্ত তামসিন আফতাব, গুৱাহাটী ট্ৰেফিকৰ সহকাৰী আৰক্ষী অধীক্ষক দীপজ্যোতি দাধৰা, গুৱাহাটী ট্ৰেফিকৰ সহকাৰী আৰক্ষী অধীক্ষক শান্তি প্ৰিয়া বৰা, জিলা পৰিবহন বিষয়া ৰাজীব পেগু, অ’লা, উবেৰ, ৰেপিড’, ভায়ু, পে-ইণ্ডিয়াৰ প্ৰতিনিধি, দুচকীয়া বাহন বিক্ৰেতা, বাইক-টেক্সিৰ মালিক-চালক উপস্থিত থাকে৷