

ধনকুবেৰ উদ্যোগপতি মুকেশ আম্বানিৰ চিৰিয়াখানালৈ অসমৰ জীৱ-জন্তু সৰবৰাহৰ হাত উজান দিছিল খোদ বন বিভাগৰ উচ্চ পদস্থ বিষয়া আৰু অসম চৰকাৰ৷ অসমত বিজেপিৰ চৰকাৰ গঠনৰ পৰাই জীৱ-জন্তু সৰবৰাহ হৈ থকাত কেইবাবাৰো ৰাজ্যত চৰ্চাৰ বিষয় হৈ পৰিছে৷ বহু লোকে ৰাজপথত জীৱ-জন্তু কঢ়িওৱা গুজৰাটৰ গাড়ী প্ৰত্যক্ষ কৰি সামাজিক মাধ্যমত ভিডিঅ’ শ্বেয়াৰ কৰি প্ৰতিবাদ কৰিছিল৷ বিগত ৭ৰ পৰা ৮ বছৰত বাৰে বাৰে একেটা অভিযোগত ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া তথা বিৰোধ কৰি আহিছে যদিও অসমৰ বন্যপ্ৰাণী সৰবৰাহ অব্যাহত আছে৷ জাতি, মাটি ভেটিৰ শপত খোৱা বিজেপি দলৰ চৰকাৰে অসমৰ সম্পদ বন্যপ্ৰাণীক বহিৰাগতৰ হাতত গটাই দিবলৈ কুণ্ঠাবোধ কৰা নাই৷ পুনৰ বন্যপ্ৰাণী কঢ়িওৱা বহু গুজৰাট নম্বৰৰ এনিমেল এম্বুলেন্স উজনি অসম আৰু অৰুণাচলত প্ৰৱেশ কৰাৰ বিগত দুই তিনিটা দিন তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে৷ কেইবাখনো ট্ৰাক বন্যপ্ৰাণী আম্বানিৰ চিৰিয়াখানালৈ নিয়াৰ বাবে উজনি অসম আৰু অৰুণাচলত প্ৰৱেশ কৰিছিল আৰু আজি সেই ট্ৰাকসমূহ তেজপুৰ, নগাঁও, গুৱাহাটী হৈ পশ্চিমবংগ সীমান্তলৈ ৰাওনা হয়৷ প্ৰতিখন গাড়ীতে আছিল দুই তিনিটাকৈ হাতী৷ অৰুণাচলৰ নামচাইৰ পৰা গুজৰাটৰ জামনগৰ অভিমুখে এনিমেল এম্বুলেন্সৰ যাত্ৰা আৰম্ভ। প্ৰায় ২০ খন এনিমেল এম্বুলেন্সত অনা হৈছে প্ৰায় ২৩টা হাতী। গুৱাহাটী পাৰ হৈ যোৱা এনিমেল এম্বুলেন্সসমূহ মুকেশ আম্বানীৰ চিৰিয়াখানালৈ গৈ থকা বুলি জানিব পৰা গৈছে৷ বিজেপি শাসিত অসম আৰু অৰুণাচলৰ পৰা গুজৰাটৰ জামনগৰলৈ হাতী সৰবৰাহৰ গোপন পৰিকল্পনা ফাদিল হোৱাত প্রকৃতি সুৰক্ষা কৰ্মীসকলৰ মাজত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে। অসম আৰু অৰুণাচলৰ পৰা ৩৩টা হাতী জামনগৰস্থিত আম্বানি গ্রুপৰ চিৰিয়াখানালৈ লৈ যোৱাৰ বাবে প্রয়োজনীয় এনিমেল এম্বুলেন্স অসমৰ মাজেৰে অৰুণাচলৰ নামচাইত প্রৱেশ কৰিছিল বুলি জানিব পৰা যায়। কিন্তু বহিঃৰাজ্যলৈ নিবলগীয়া হাতীসমূহৰ অধিকাংশই অসমৰ আৰু এই হাতী সৰবৰাহ কাৰ্য সম্পূৰ্ণ অবৈধ বুলি দাবী কৰিছে প্রকৃতি সুৰক্ষা কৰ্মীসকলে। আম্বানীৰ বনতাৰালৈ অসম-অৰুণাচলৰ হাতী প্ৰেৰণক লৈ ক্ষুব্ধ পৰিৱেশ সুৰক্ষা সমিতি৷ অসম-অৰুণাচলৰ হাতী দেশৰ অন্যতম উদ্যোগপতি মুকেশ আম্বানীৰ ব্যক্তিগত চিৰিয়াখানা ‘বনতাৰা’লৈ প্ৰেৰণ কৰাৰ প্ৰস্তুতিক লৈ কাৰ্যতঃ ক্ষুব্ধ হৈ পৰিছে পৰিৱেশ সুৰক্ষা সমিতি-অসম। এই সন্দৰ্ভত সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত জৰিয়তে পৰিৱেশ সুৰক্ষা সমিতিৰ সভাপতি ঋতুৰাজ বৰুৱাই ক্ষোভ কৰি কয় যে অসম-অৰুণাচলৰ হাতী প্ৰেৰণৰ প্ৰস্তুতিৰ দ্বাৰা অসম চৰকাৰে চৰম হঠকাৰিতা প্ৰদৰ্শন কৰিছে। ভোগালীৰ ব্যস্ততাৰ সুযোগ লৈ অসমত ইতিমধ্যে পোন্ধৰখন অবৈধ এনিমেল এম্বুলেন্স প্ৰৱেশ কৰিছে। উল্লেখ্য যে, কিছুমান দালাল মধ্যস্থতাকাৰীৰ সহযোগত অসমত প্ৰৱেশ কৰা উল্লিখিত এনিমেল এম্বুলেন্সসমূহৰ বৈধ নথি-পত্ৰই নাই। ইয়াকলৈ পৰিৱেশ সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি বৰুৱাই তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি কয় যে যিসময়ত ৰাজ্যৰ বিয়াগোম বনবিভাগে স্থানীয় জীৱ-জন্তুৰ সুৰক্ষাই নিশ্চিত কৰিব পৰা নাই৷ তেনে সময়ত কেৱল আমোদ-প্ৰমোদৰ উদ্দেশ্যে নিৰ্মাণ কৰা ব্যক্তিগত চিৰিয়াখানালৈ উত্তৰ-পূৰ্বাঞ্চলৰ অসম-অৰুণাচলৰ সম্পদ প্ৰেৰণৰ বিষয়টো সহজভাবে ল’ব পৰা বিষয় নহয়। পূৰ্বতেও অসম-অৰুণাচলৰ হাতী প্ৰেৰণ কৰা হৈছিল আৰু প্ৰাপ্ত খবৰ অনুসৰি সেই হাতীসমূহৰ উপযুক্ত চোৱা-চিতাৰ অভাৱত মৃত্যু ঘটিছে। পৰিৱেশ সুৰক্ষা সমিতিয়ে অনতিপলমে হাতী প্ৰেৰণৰ বিষয়টো পুনৰ বিবেচনাৰে হাতীৰ সৰবৰাহ বন্ধ কৰিবলৈ আহ্বান জনোৱাৰ লগতে মধ্যস্থতাকাৰী হাতীৰ দালালকেইজনক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহিবলৈও দাবী জনায়।