
গুৱাহাটীঃ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ আক্ৰমণত মৃত্যু এগৰাকী বনৰক্ষী জোৱানৰ।
বুধবাৰে সন্ধিয়া সহকৰ্মীৰ সৈতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বিলপাৰ কেম্পৰ এলেকাত টহল দি থকাৰ সময়তে এটা প্ৰকাণ্ড বাঘে আক্ৰমণ কৰে বনৰক্ষী ধনমণি ডেকাক।
বাঘটোৱে ডিঙিত কামুৰি হত্যা কৰে বনৰক্ষীগৰাকীক।
ইয়াৰ পিছতে বনকৰ্মীজনক বিচাৰি অভিযান চলায় উদ্যান কৰ্তৃপক্ষই।
পিছত নিশা কাঁহিবাৰী শিবিৰৰ কিছু নিলগত উদ্ধাৰ হয় ধনমণি ডেকাৰ ক্ষত বিক্ষত মৃতদেহ।
ৰাইফলসহ সহকৰ্মীৰ সৈতে মূল গেটৰ পৰা এক কিলোমিটাৰ নিলগত কৰ্তব্যৰত হৈ থকাৰ সময়তে বাঘৰ চিকাৰ হয় বনৰক্ষীজন।
ইফালে আজি ধনমণিৰ নশ্বৰ দেহ ছিপাঝাৰৰ নগাঁও-হাতীমাৰাৰ ঘৰলৈ অনাৰ পিছতে সৃষ্টি হয় এক শোকবিহ্বল পৰিৱেশৰ।
উল্লেখ্য যে, মাত্ৰ ৬ মাহ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল বনৰক্ষী ধনমণি ডেকা।