
বাক্সাঃ বাক্সাৰ ভাৰত-ভূটান সীমান্তত অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস। বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা হাতীৰ জাকে বাক্সা জিলাৰ পাহাৰৰ ওচৰৰ গাঁওসমূহত নিতৌ সন্ত্ৰাস চলোৱাৰ লগতে ইতিমধ্যে হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাবলগীয়া হৈছে বহুজনে।
বৃহস্পতিবাৰে পুৱাও বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ সুৱনখাটাৰ সুন্দৰিপাৰাত প্ৰৱেশ কৰে বন্যহস্তীৰ এটা জাক। এই হাতীৰ জাকৰ আক্ৰমণতে প্ৰাণ হেৰুৱাবলগীয়া হয় এগৰাকী যুৱতীয়ে।
জানিব পৰা মতে, পাগলাদিয়া নদীত গা ধুবলৈ যোৱাৰ সময়তে বনৰীয়া হাতীয়ে আক্ৰমণ কৰে যুৱতীগৰাকীক। নিহত যুৱতীগৰাকীৰ নাম গীতিকা তালুকদাৰ বুলি জানিব পৰা গৈছে।
অঞ্চলটোত বন্যহস্তীৰ এনে সন্ত্ৰাসত আতংকিত হৈ পৰিছে গঞা ৰাইজ। উল্লেখ্য যে, হাতীৰ জাকে প্ৰায়ে বৃহত্তৰ অঞ্চলটোৰ ঘৰ-দুৱাৰৰ লগতে কৃষিভূমিৰ ক্ষতিসাধন কৰি আহিছে।