সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাক অপমান, পথ মুকলি কৰাৰ দাবী চৰকাৰক

অসমৰ সাহিত্য জগতত বিৰল অৰিহণা যোগোৱা প্ৰথিতযশা সাহিত্যিক, কবি, গল্পকাৰ, নাট্যকাৰ, ঔপন্যাসিক সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাক ৰাজ্য চৰকাৰ অনাদৰ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ সাহিত্যসম্ৰাট লক্ষ্মীনাথ বেজবৰুৱাৰ নামত নামাকৰণ কৰা গুৰুত্বপূর্ণ পথ বন্ধ কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ পথটো বন্ধ কৰাত ক্ষোভ প্ৰকাশ কৰিছে পেট্ৰিয়টিক পিপল’ছ ফ্ৰণ্ট অসমে (পিএফএএ)৷ গুৱাহাটী ৰে’লৱে ষ্টেচনৰ পৰা নেহৰু উদ্যান-গুৱাহাটী টাউন ক্লাব সংযোগ কৰা এমজি পথ খুলি দিয়াৰ দাবী জনাইছে ৰাইজে। পথটো বন্ধ কৰি ৰখাত ৰে’লযাত্ৰী, ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া, সেনা পৰিবহন শিবিৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ ব্যস্ত ৰে’লৱে ষ্টেচনৰ সংযোগ কৰাত ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে৷ এই পথটোৰে পানবজাৰৰ নেহৰু উদ্যান আৰু জাজ ফিল্ডৰ কাষৰ পৰা নব্বৈৰ দশকলৈকে চৰকাৰী চিটী বাছসমূহে গুৱাহাটী বিশ্ববিদ্যালয়, অসম ইঞ্জিনিয়াৰিং কলেজ আদি গুৰুত্বপূর্ণ স্থানলৈ যাতায়ত কৰিছিল৷ অভিযোগ মতে, এগৰাকী স্বনামধন্য লোকৰ নামৰ সৈতে জড়িত হৈ থকা সেই স্থান এতিয়া গাড়ী পাৰ্কিং আৰু মেলা পতা ঠাইত পৰিণত কৰাৰ অভিযোগ উঠিছে। ইপিনে বহু মাহ ধৰি ফুড ভিলা নামৰ ৰেষ্টুৰেণ্টখন বন্ধ হৈ থকাৰ ফলত অঞ্চলটো এতিয়া এটি পৰিত্যক্ত স্থানত পৰিণত হৈছে৷ য’ত সঘনাই অ-সামাজিক কাৰ্য সংঘটিত হয়। পেট্ৰিয়টিক পিপল’ছ ফ্ৰণ্ট অসমে অভিযোগ কৰা মতে, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধীনস্থ পাৰ্কিং স্থানত সদায় অন্ধকাৰ আৰু লেতেৰা অৱস্থাত দেখা যায়৷ চহৰৰ গাড়ীৰ মালিকে নিয়মিতভাৱে ব্যৱহাৰ কৰে। পৰিত্যক্ত খাদ্য মেলা আৰু পাৰ্কিং স্থানটোক ভাঙি মূল পথটো পুনৰ মুকলি কৰিব লাগে। পাৰ্কিং স্থানটো অক্ষত ৰাখি এখন সেঁতু নিৰ্মাণ কৰি এমজি পথৰ পৰা দক্ষিণ দিশৰ ষ্টেচনৰ লগতে বিপৰীত দিশলৈ সহজে যানবাহন চলাচল নিশ্চিত কৰিবলৈ দাবী জনাইছে সংগঠনটোৱে৷ ৰাজ্যিক সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ ৰচনা কৰা সাহিত্যাসম্ৰাটৰ নামত উৎসৰ্গিত পথ বন্ধ কৰা হৈছে৷ গুৱাহাটীৰ ঐতিহাসিক চহৰৰ পথটো অপৰিষ্কাৰৰ লগতে বন্ধ কৰি দিয়া হৈছে। পথটো পুনৰ প্ৰযুক্তিৰ সহায়ত উদ্ধাৰ কৰিবলৈ আবেদন জনাইছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু নগৰ উন্নয়ন মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক বিষয়টোক গম্ভীৰতাৰে লৈ সোনকালে পথটো মুকলি কৰিবলৈ পদক্ষেপ ল’বলৈ আহ্বান জনাইছে।

  • Related Posts

    ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি, কবি নীলিম কুমাৰক ‘কুসুমাগ্ৰজ ৰাষ্ট্ৰীয় বঁটা’

    অসমৰ আধুনিক অসমীয়া কবিতাৰ জগতত অন্যতম নাম হৈছে নীলিম কুমাৰ৷ নীলিম কুমাৰৰ কবিতা ৰাজ্যৰ লগতে ৰাষ্ট্ৰব্যাপি চৰ্চিত হৈ আহিছে৷ পেচাত চিকিৎসক নীলিম কুমাৰে ১৯৮৪ চনৰ পৰা কবিতাৰ চৰ্চা কৰিছিল৷ অসমৰ…

    গাফিলতা কৰিছিল অভিযন্তা-ঠিকাদাৰে, ভাঙি পেলোৱা হ’ব পাৰে ২০০৪ত নিৰ্মাণ কৰা ছয়মাইল সেঁতু

    গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ গণেশগুৰি-খানাপাৰা সংযোগী পথত নিতৌ পথচাৰীয়ে যমৰ-যাতনা ভূগিবলীয়া হৈছে৷ অসম সচিবালয়, প্ৰশাসনিক কলেজ, পশু চিকিৎসা মহাবিদ্যালয়, চাহ নিলাম কেন্দ্ৰ, ব্যক্তিগত-চৰকাৰী বহু কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ আহ-যাহত ব্যৱহাৰ কৰা সদাব্যস্ত গণেশগুৰি-খানাপাৰা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…