
ধিঙত এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে সংঘটিত দুষ্কৰ্মক লৈ উত্তেজনা অব্যাহত থকাৰ সময়তে এইবাৰ হোজাইত পোহৰলৈ আহিল এজন টিউচন মাষ্টৰৰ কু-কীৰ্তি।
হোজাইত টিউচন মাষ্টৰৰ কামনাৰ বলি হ’ল এগৰাকী ছাত্ৰী। ভিডিঅ’ প্ৰস্তুত কৰি সামাজিক মাধ্যমতো ভাইৰেল কৰিছিল লম্পট শিক্ষকজনে।
ইফালে ৰাইজে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি পিছত আৰক্ষীক গতাই দিয়া লম্পট শিক্ষকজনৰ নাম বিশ্বজিৎ দাস বুলি জানিব পৰা গৈছে। অভিযুক্তজনৰ শাস্তিৰ দাবীত সৰৱ হৈ পৰিছে সমগ্ৰ হোজাই।
স্থানীয় ৰাইজে লম্পট বিশ্বজিৎ দাসক কঠোৰ শাস্তি বিহাৰ দাবীৰে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ পিছত আৰক্ষী অধীক্ষক সৌৰভ গুপ্তা উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিবলগীয়া হয় পৰিস্থিতি।
ইফালে শিক্ষক সমাজৰ বাবে কলংকসদৃশ বিশ্বজিত দাসৰ স্বাস্থ্য পৰীক্ষা কৰাৰ সময়ত বিশ্বজিতৰ ভাতৃ পংকজ দাসসহ কেইজনমান উদণ্ড যুৱকে এখন বাহনেৰে আহি চিকিৎসালয় চৌহদত সাংবাদিককো দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে।
আনহাতে ভুক্তভোগী কিশোৰীগৰাকীৰ এগৰাকী বান্ধৱীকো আৰক্ষীয়ে আটক কৰি থানাত চলাইছে জেৰা।