
মহানগৰীৰ খানাপাৰাৰ খেলপথাৰত অনুষ্ঠিত এডভাণ্টেজ আছাম ২.০ৰ আজি দ্বিতীয় তথা অন্তিমদিন। আজি অস্থায়ী ব্ৰহ্মপুত্ৰ অতিথিশালাত দেশী-বিদেশী কোম্পানী কৰ্তৃপক্ষই অংশ লৈ অসম চৰকাৰৰ সৈতে বুজাবুজি চুক্তিস্বাক্ষৰ কৰে৷ আজি দিনটোত ১ লাখ কোটিতকৈ অধিক চুক্তি স্বাক্ষৰ কৰা বুলি দাবী কৰিছে অসম চৰকাৰে৷ কালি প্ৰথম দিনটোত ডেৰ লাখ কোটিতকৈ অধিক টকা বিনিয়োগৰ চুক্তি স্বাক্ষৰ কৰা বুলি জানিবলৈ দিছে অসম চৰকাৰে৷ আজি শেষৰ দিনটোত এডভাণ্টেজ আছামত ভাগ লৈছে কেন্দ্ৰীয় ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয় মন্ত্ৰী নীতিন গাডকাৰী, পেট্ৰলিয়াম দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰী, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল উপস্থিত থাকে৷ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ভিডিঅ’ কনফাৰেন্স যোগে বিনিয়োগ সন্মিলনত অংশ লৈ উত্তৰ-পূৰ্বাঞ্চলত বৰ্তমানে ৬০ হাজাৰ কোটি টকাৰ কাম চলি থকা বুলি দাবী কৰিছে৷ আনহাতে আহি থকা দিনবোৰত উত্তৰ-পূৰ্বাঞ্চলত ৮০ হাজাৰ কোটি টকাৰ বিনিয়োগ তথা আন্তঃগাঁথনিৰ কাম কৰা হ’ব বুলি দাবী কৰিছে৷ আগন্তুক দিনত কুৰুৱাত ব্ৰহ্মপুত্ৰ দলং (নাৰেংগী) ছয় লেনৰ দলং চূড়ান্ত কৰা হৈছে, গুৱাহাটী-বৰাপানী-শিলচৰ কৰিডৰ ২৫ হাজাৰ কোটি টকাৰ কামৰ ব্যৱস্থা৷ যাৰ দ্বাৰা গুৱাহাটী-বৰাপানী-শিলচৰ পথত চাৰি লেনৰ এক্সপ্ৰেছৱে হোৱাৰ পিছতে ১০ ঘণ্টাৰ ৰাস্তা ৪-৫ ঘণ্টাত যাত্ৰা কৰিব পৰা যাব৷ নুমলীগড়-গহপুৰ ব্ৰহ্মপুত্ৰৰ তলৰ সুৰংগ পাঁচ কিলোমিটাৰ ১৫ হাজাৰ কোটি টকাৰ চাৰি লেনৰ প্ৰকল্প নিৰ্মাণ৷ ছয় ঘণ্টাৰ যাত্ৰা ২৫ মিনিটলৈ হ্ৰাস হ’ব৷ যাৰ বাবে জুলাই ২০২৫ৰ বাজেট আৱণ্টন কৰা হ’ব৷ ১,৬০০ কোটি টকাৰ শ্ৰীৰামপুৰ-ধুবুৰী সম্প্ৰসাৰণ চাৰিলেনৰ প্ৰকল্প৷ এই প্ৰকল্প ২০২৬ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব। ৫৫ কিলোমিটাৰ গুৱাহাটীৰ চাৰিৰ পৰা ছয় লেনৰ ৰিং ৰোড ৫,৮০০ কোটি টকাৰে ২০২৭ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব৷ বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে প্ৰস্তুত কৰা ৬,০০০ কোটি টকাৰ ৩৫ কিলোমিটাৰৰ কাজিৰঙা এলিভেটেড কৰিডৰ নিৰ্মাণ৷ গঁড়, বাঘ আৰু হাতীৰ বাবে অঞ্চলত চাউণ্ডপ্ৰুফিং ব্যৱস্থা থাকিব। ২০২৫ চনৰ জুলাইৰ আগতে মৰিগাঁও-দলগাঁও ৰোড ৪০ কিলোমিটাৰ প্ৰকল্প, গুৱাহাটী ৰে’ল ষ্টেচন-কামাখ্যা মন্দিৰ সংযোগ কৰা হ’ব৷ ৮,৩০০ কোটি টকাৰ ২২৫ কিলোমিটাৰৰ বিলাসীপাৰা-গুৱাহাটী কৰিডৰ ২০২৭ চনৰ অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ হ’ব। বৰাক নদীৰ ওপৰত সংযোগ বৃদ্ধিৰ বাবে তিনিখন নতুন চাৰি লেনৰ দলং নিৰ্মাণ কৰা হ’ব৷ বদৰপুৰত বাইপাছ নিৰ্মাণ কৰা হ’ব। ৩,৩০০ কোটি টকাৰ এটা দু-লেনৰ প্ৰকল্প অসম-অৰুণাচল প্ৰদেশক সংযোগ কৰা হ’ব৷ ২০২৬ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব৷ কান্দুলিজানত চাৰি লেনৰ ১,৮০০ কোটি টকাৰ প্ৰকল্প। ৩,০০০ কোটি টকা ব্যয়েৰে বৰাক নদীৰ ওপৰত চাৰি লেনৰ ৪৯ কিলোমিটাৰ শিলচৰ-আইজল কৰিডৰ ২০২৬ চনৰ অক্টোবৰত নিৰ্ধাৰিত হ’ব৷ অসম-নাগালেণ্ড পৰিবহণ উন্নত কৰিবলৈ ১১৮ কিলোমিটাৰৰ চাৰি লেনৰ ডবকা-লাহৰিজান প্ৰকল্পৰ সম্প্ৰসাৰণ কৰা হ’ব৷ ২০২৬ চনৰ নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব। ২০২৮ চনৰ ডিচেম্বৰৰ ভিতৰত ৭৭০ মিটাৰ শিলচৰ-জিৰিবাম প্ৰকল্প ৩৩ কিলোমিটাৰ দীঘল সুৰংগসহ ২,২০০ কোটি টকাৰ চাৰি লেনৰ প্ৰসাৰ। ২০২৬ চনৰ অক্টোবৰৰ ডিব্ৰুগড়-লিডু বাইপাছ সম্পূৰ্ণ হ’ব৷ গাডকাৰীয়ে বিমান ইন্ধন উৎপাদনৰ বাবে বাঁহ ব্যৱহাৰ কৰাৰ পৰিকল্পনা প্ৰকাশ কৰে। আমাৰ কৃষকসকল এতিয়া ‘ইনধন ডাটা’ হৈ পৰিব বুলি কয়।