ৰাকেশ দাসক ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম প্ৰদেশৰ সভাপতি নিযুক্তি

দীৰ্ঘ জল্পনা-কল্পনাৰ অন্তত আজি ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম প্ৰদেশৰ সভাপতিৰ নাম ঘোষণা কৰিছে৷ পূৰ্বৰ চৰ্চা মতেই প্ৰাক্তন এবিভিপিৰ নেতা ৰাকেশ দাসক ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি নিযুক্তি দিয়া হৈছে৷

যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাক পদৰ পৰা আতৰোৱাৰ পাছতে নতুন সভাপতি নিয়োগ কৰিবলৈ যোৱাত বিজেপি দলত লবীকেন্দ্ৰীক ৰাজনীতি আৰম্ভ হৈছিল৷ এটা লবীয়ে অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য ঋষিৰাজ হাজৰিকাক সভাপতি পদত অধিষ্ঠিত কৰাৰ দাবী জনাই আহিছিল৷ লবীকেন্দ্ৰিক এই ৰাজনীতিৰ মাজতে ভবেশ কলিতাই ৰাকেশ দাসক সভাপতি নিযুক্তি দিয়ে৷ কেৱল ভবেশ কলিতাৰ ঘনিষ্ঠ তথা ব্যৱসায়ীক সংগী হোৱাৰ সুবাদতে এইবাৰ ৰাকেশ দাস সভাপতি পাতিব খোজা হৈছে বুলি বিজেপিৰ ভিতৰচ’ৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছিল৷

অসম প্ৰদেশৰ নৱ নিযুক্ত সভাপতি ৰাকেশ দাসক বিজেপিৰ বিভিন্ন নেতাই আন্তৰিক শুভেচ্ছা তথা শুভকামনা জ্ঞাপন কৰা পৰিলক্ষিত হৈছে৷

  • Brahmaputra Times

    Related Posts

    আজি মহাঅষ্টমীঃ কোকৰাঝাৰত দেৱী দৰ্শন মুখ্যমন্ত্ৰীৰ…

    ডিজিটেল ডেস্কঃ আজি মহাঅষ্টমী। সেই উপলক্ষে কোকৰাঝাৰৰ বিভিন্ন দুৰ্গা পূজাস্থলীত দেৱী দৰ্শনৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। পুৱাই হেলিকপ্টাৰ যোগে কোকৰাঝাৰ গ্ৰীণ ফিল্ডত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০…

    ওমৰ আব্দুল্লা বিধায়িনী দলৰ নেতা নিৰ্বাচিত

    ১০ বছৰৰ মূৰকত জম্মু-কাশ্মীৰত নিৰ্বাচিত চৰকাৰ গঠন হ’ব৷ ৮ অক্টোবৰত ঘোষিত ফলাফল অনুসৰি কংগ্ৰেছ আৰু নেচনেল কনফাৰেন্সে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে৷ ধাৰা ৩৭০ আতৰোৱাৰ পাছৰে পৰা ১০ বছৰে ৰাজ্যপালে চলাই আছিল…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক