
গুৱাহাটীঃ ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন আৰু ৰাজ্য সভাৰ নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে বিজেপি। সোমবাৰে অনুষ্ঠিত হয় বিজেপিৰ অসম প্ৰদেশৰ নিৰ্বাচনী সমিতিৰ বৈঠক। বৈঠকত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, প্ৰাক্তন ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, মন্ত্ৰী ৰণজিৎ দাস, পীযুষ হাজৰিকা, নন্দিতা গাৰ্লোচা, উপ সভাপতি নৱ কুমাৰ দলে, অবিচি মৰ্চাৰ সভাপতি অশ্বিনী ৰায় সৰকাৰ, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু আৰু মহিলা মৰ্চাৰ সভানেত্ৰী স্বপ্না বণিয়া।
ৰাজ্য সভাৰ প্ৰাৰ্থী বাচনিক লৈ অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী সমিতিৰ এই গুৰুত্বপূৰ্ণ বৈঠকত ৰাজ্যসভাৰ বাবে বাচনি কৰে ১১ জনীয়া প্ৰাৰ্থীৰ তালিকা। বাচনি কৰা প্ৰাৰ্থীৰ তালিকাত- প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, প্ৰাক্তন সাংসদ তপন গগৈ, প্ৰাক্তন সাংসদ ডাঃ ৰাজদ্বীপ ৰয়, মুখপাত্ৰ ৰূপম গোস্বামী, উপ সভাপতি বিজয় কুমাৰ গুপ্তা, উপ সভাপতি অশোক ভট্টৰায়, জ্যেষ্ঠ নেতা ড° প্ৰদীপ ঠাকুৰীয়া, মানস প্ৰতিম ডেকা, উপ সভানেত্ৰী ৰেখাৰাণী দাসবড়ো, প্ৰাক্তন বিধায়ক মিছন ৰঞ্জন দাসৰ নাম অন্তৰ্ভুক্ত হৈছে।
অৱশ্যে এই ১১ গৰাকী প্ৰাৰ্থীৰ লগতে অনুপ সিং ৰাজপুতৰ নামো লয় ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। এই ১১ জনীয়া এই তালিকাৰ পৰা বাচনি কৰিব ২ গৰাকী প্ৰাৰ্থী দিল্লীৰ সংসদীয় কমিটিয়ে৷ যিখন তালিকা কেন্দ্ৰই অচিৰেই প্ৰকাশ কৰিব বুলি মন্তব্য কৰে ভৱেশ কলিতাই।