
গুৱাহাটীঃ আজি দেশজুৰি উদযাপন কৰা হয় ৭৮ সংখ্যক স্বাধীনতা দিৱস। কিন্তু অইনবাৰৰ দৰে এইবাৰো এই স্বাধীনতা দিৱস বৰ্জন কৰিবলৈ ৰাজ্যবাসীক আহ্বান জনায় নিষিদ্ধ সংগঠন সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা স্বাধীনে।
এই ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ উদযাপন বিফল কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বোমা সংস্থাপন কৰা বুলি ইতিমধ্যে দাবী কৰিছে আলফা স্বাধীনে।
নিষিদ্ধ সংগঠনটোৱে এক বিবৃতি প্ৰকাশ কৰি গুৱাহাটী, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, নলবাৰীকে ধৰি ৰাজ্যৰ ১৯টা ভিন্ন স্থানত বোমা সংস্থাপন কৰা বুলি দাবী কৰে।
আলফা স্বাধীনে কয় যে ১৫ আগষ্ট অৰ্থাৎ আজি পুৱা ৬ বজাৰ পৰা ১২ বজাৰ ভিতৰত এই বোমাসমূহৰ বিস্ফোৰণ ঘটাই সামৰিক প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণৰ পৰিকল্পনা কৰা হৈছিল যদিও কাৰিকৰী বিজুতিৰ বাবে নিৰ্ধাৰিত সময়ত এই পৰিকল্পনা ফলপ্ৰসূ নহ’ল।
এনে পৰিপ্ৰেক্ষিততে এতিয়া জন-ধনৰ যাতে কোনো ক্ষতি নহয়, তাৰ বাবেই প্ৰতিবাদস্থলীসমূহ ৰাজহুৱা কৰি আলফা স্বাধীনে সংস্থাপিত কৰা বোমাসমূহ উদ্ধাৰ কৰি নিষ্ক্ৰিয় কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে নিষিদ্ধ সংগঠনটোৱে।
আলফা স্বাধীনে বিবৃতিযোগে দাবী কৰা মতে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰিত্যক্ত এম্বুলেন্স বা খালী গাড়ী, মুকলি মাটিত এই বোমাসমূহ সংস্থাপিত কৰা হৈছিল।