গুৱাহাটীঃ ৱাকফ সংশোধনী বিধেয়কখনক মুছলমান মহিলাৰ ন্যায়ৰ দিশত এক পদক্ষেপ বুলি অভিহিত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে মুছলমান মহিলাৰ অধিকাৰৰ সৈতে জড়িত বিষয়সমূহৰ সমাধান আৰু প্ৰয়োজনীয় সংস্কাৰ অনাৰ লক্ষ্যৰে এই বিধেয়কখনৰ লক্ষ্য লোৱা হৈছে।
হিমন্ত বিশ্ব শৰ্মাই কয় যে ৱাকফ সম্পৰ্কীয় খচৰা বা সংশোধনী বিধেয়ক তেওঁ এতিয়াও দেখা নাই, কিন্তু সংশোধনী হ’ব বুলি সংবাদ মাধ্যমৰ জৰিয়তে জানিবলৈ পাইছে। সংশোধনী সঁচা হ’লে মুছলমান মহিলাসকলক ন্যায় প্ৰদান কৰাটো দীৰ্ঘম্যাদী প্ৰয়োজনীয়তা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘এতিয়ালৈকে খচৰা/সংশোধনী বিধেয়কখন দেখা নাই, মাথোঁ মই জানো যে ৱাকফ বিধেয়কখন সংশোধন হ’ব, সেয়াও সংবাদ মাধ্যমত আৰু যদি সঁচা হয় তেতিয়া হ’ব এটা দীৰ্ঘম্যাদী বিষয়।”
ইয়াৰ পূৰ্বে ৪ আগষ্টত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই আন্তঃধৰ্মীয় ভূমি হস্তান্তৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ নীতি পৰিৱৰ্তনৰ কথা ঘোষণা কৰিছিল।
সমাৱেশক সম্বোধন কৰি শৰ্মাই কয়, ”পূৰ্বতে আন্তঃধৰ্মীয় ভূমি হস্তান্তৰ আগতে মুক্তভাৱে হৈছিল। হিন্দুৱে মুছলমানৰ পৰা মাটি কিনিছিল আৰু মুছলমানে হিন্দুৰ পৰা মাটি কিনিছিল। আমি মাটি ক্ৰয় বা বিক্ৰী বন্ধ কৰিব নোৱাৰো। কিন্তু অসম চৰকাৰে এতিয়া সিদ্ধান্ত লৈছে যে এজন মুছলমানে হিন্দু মাটি ক্ৰয় কৰিবলৈ আৰু হিন্দুৱে মুছলমানৰ মাটি ক্ৰয় কৰিবলৈ মুখ্যমন্ত্ৰীৰ অনুমোদনৰ প্ৰয়োজন হ’ব। মুখ্যমন্ত্ৰীৰ অনুমোদন অবিহনে হিন্দু-মুছলমানৰ মাজত কোনো ধৰণৰ মাটি ক্ৰয় বা বিক্ৰী নহ’ব।”