গুৱাহাটীঃ অসমৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈক অনা-অসমীয়া ব্যৱসায়ীয়ে কৰা কথিত আক্ৰমণৰ বিৰুদ্ধে আজি শিৱসাগৰৰ ৰাজপথ কঁপাইছে ৩০টাকৈ দল-সংগঠনে।
সহস্ৰাধিক লোকে আজি শিৱসাগৰৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি অসমত ব্যৱসায় চলাই অহা অনা-অসমীয়াৰ ওপৰত নাকী ল’বলৈ আৰু অভিযুক্তক গ্ৰেপ্তাৰ কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।
উল্লেখ্য যে, দুদিন পূৰ্বে শিৱসাগৰৰ বাবু পট্টিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বৰ্ণপদক বিজয়ী খেলুৱৈ জিমি দাসক আক্ৰমণ কৰিছিল স্থানীয় ব্যৱসায়ীৰ নেতৃত্বত ৩০৪ জনীয়া দুষ্কৃতিকাৰীৰ এটা দলে।
এই আক্ৰমণৰ সময়ত জিমি দাসে পিন্ধি থকা কাপোৰ পৰ্যন্ত ফালি পেলাইছিল অনা-অসমীয়া দুস্কৃতিকাৰীৰ দলটোৱে।
মূৰ আৰু পেটত আঘাত পোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈগৰাকীক প্ৰথম অৱস্থাত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।
এই ঘটনাৰ পিছতে শিৱসাগৰত বহিৰাগতৰ দপদপনিৰ বিৰুদ্ধে সৰৱ হৈ পৰে বীৰ লাচিত সেনাকে ধৰি বিভিন্ন জাতীয় দল-সংগঠন। ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতে অভিযুক্ত ব্যৱসায়ী অৰুণ লাহটি আৰু তৰুণ লাহটিক গ্ৰেপ্তাৰ্ কৰে আৰক্ষীয়ে।
কিন্তু অনা-অসমীয়া ব্যৱসায়ীৰ দপদপনিৰ বিৰুদ্ধে এতিয়াও শিৱসাগৰত অব্যাহত আছে প্ৰতিবাদ। আজি বীৰ লাচিত সেনাকে ধৰি ৩০টাৰো অধিক দল-সংগঠনে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে।
কেইবা হাজাৰ অসমীয়াৰে আজি বাহিৰ কৰা প্ৰতিবাদী সমদলত জিমি দাসক আক্ৰমণ কৰা অভিযুক্তক কঠোৰ শাস্তি বিহিবলৈ দাবী জনায় প্ৰতিবাদকাৰীয়ে। অনা-অসমীয়া ব্যৱসায়ীৰ দপদপনিত নাকী লগাবলৈ প্ৰশাসনক দাবী জনাই যেতিয়ালৈকে অভিযুক্তক শাস্তি বিহা নহয়, তেতিয়ালৈকে শিৱসাগৰৰ সকলো মাৰোৱাৰী ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখিব লাগে বুলিও প্ৰশাসনৰ পৰা নিশ্চিতি বিচাৰে প্ৰতিবাদকাৰীয়ে।
আনহাতে শিৱসাগৰৰ ব্যৱসায়িক কেন্দ্ৰ হিচাপে পৰিচিত মাৰোৱাৰী পট্টিৰ নাম সলনি কৰি অসমীয়া কোনোগৰাকী শ্বহীদৰ নামেৰে নামাকৰণ কৰিবলৈও দাবী জনায় সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে।