অন্ত পৰিল ১৭ দিনীয়া উন্মাদনাৰ! অলিম্পিকৰ পদক জয়ৰ তালিকাত শীৰ্ষস্থানত আমেৰিকা, ৭১ সংখ্যক স্থানতে সন্তুষ্ট ভাৰত

ডিজিটেল ডেস্কঃ বিভিন্ন শাখাৰ ৩২ খন খেল আৰু দহ হাজাৰৰো অধিক খেলুৱৈৰ অংশগ্ৰহণৰে প্ৰায় দুসপ্তাহজোৰা মন্ত্ৰমুগ্ধকৰ উন্মাদনাৰ অৱশেষত যৱনিকা পৰিল। ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ সামৰণি পেলাই এইবাৰ পদকৰ শীৰ্ষস্থানত উপনীত হ’ল আমেৰিকা।

১৭ দিনৰ মন্ত্ৰমুগ্ধকৰ একচনৰ অন্ত পেলোৱা ৰোমাঞ্চকৰ চূড়ান্ত খেলখনত আমেৰিকাৰ মহিলা বাস্কেটবল দলে ফ্ৰান্সক ৬৭-৬৬ গ’লত পৰাস্ত কৰি গেমছৰ শেষৰটো সোণৰ পদক দখল কৰে। ইয়াৰ লগে লগে আমেৰিকান দলে চীনৰ সৈতে ৪০টাকৈ সোণৰ সৈতে সমতা স্থাপন কৰাটো নিশ্চিত কৰে।

অৱশ্যে আমেৰিকাই মুঠ ১২৬টা পদক লাভ কৰি সামগ্ৰিক পদক তালিকাৰ শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে চীনে ৯১টা পদক লাভ কৰি দ্বিতীয় স্থানত আছে।

ইফালে ভাৰতে ৬টা পদক লাভ কৰি তালিকাৰ ৭১ সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হয়। মল্লযুঁজাৰু বিনেশ ফ’গাটৰ অযোগ্য ঘোষণা বিতৰ্কৰ মাজতে এইবাৰ ভাৰতে অলিম্পিকত ৫টা ব্ৰঞ্জ আৰু এটা ৰূপৰ পদক অৰ্জন কৰে।

১৪০ কোটি জনসংখ্যাৰ দেশ ভাৰত। কিন্তু লক্ষণীয় কথাটো হ’ল অলিম্পিকত ভাৰতে লাভ কৰা পদকৰ সংখ্যা কেৱল মাথো ৬টা। ইয়াৰ বিপৰীতে মাত্ৰ ৩৩ কোটি জনসংখ্যাৰ দেশ আমেৰিকা যুক্তৰাষ্ট্ৰই ১২৬টা পদক লাভ কৰি পদকৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে।

সমান্তৰালভাৱে ১.৭৭ কোটি জনসংখ্যাৰ দেশ নেদাৰলেণ্ডেও অলিম্পিকত দেখুৱাবলৈ সক্ষম হৈছে চমকপ্ৰদ প্ৰদৰ্শন। সৰু ৰাষ্ট্ৰখনে অলিম্পিকত ১৫টা সোণ, ৭টা ৰূপ আৰু ১২টা ব্ৰঞ্জৰ পদকসহ মুঠ ৩৪টা পদক লাভ কৰে।

জনসংখ্যাৰ দিশৰ পৰা বিশ্বৰ সৰ্ববৃহৎ দেশ হৈও আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত পদক জয়ী ভাৰতীয় খেলুৱৈৰ অভাৱে হতাশ কৰিছে দেশৰ কোটি কোটি জনতাক।

  • Related Posts

    বাপুকণ ট্ৰফী নৈশ ফুটবল উদ্বোধন ছফি জামাল হুছেইনৰ

    বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত আগশাৰীৰ ক্লাৱ কাঁহিবাৰী নৱৰূপ ক্লাৱৰ উদ্যোগত এখন বিশেষ নৈশ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে৷ ৰাজ্যৰ কেইবাটাও দুৰ্দান্ত দলে অংশগ্ৰহণ কৰা বাপুকণ ট্ৰফী নৈশ ফুটবল প্ৰতিযোগিতাৰ…

    ৰাঁচীত আৰম্ভ টি-২০ চেলেঞ্জাৰ ট্ৰফী, টিম-ডিত অসম কন্যা মণিষা

    টি-২০ চেলেঞ্জাৰ ট্ৰফী-২০২৪ আজিৰে পৰা আৰম্ভ হৈছে৷ ১৭ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈ ভাৰতৰ অন্যতম মহিলা ক্ৰিকেটৰ মুখ্য ঘৰুৱা টি-২০ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে ঝাৰখণ্ডৰ ৰাচীত। সকলো মেচ ৰাঁচীৰ জেএছচিএ আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়াম…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…