অসমত পুনৰ বাংলাদেশীক আটক

গণ অভ্যুত্থানৰ পাছৰে পৰা বাংলাদেশী নাগৰিকে ভাৰতত প্ৰৱেশ কৰি থিতাপি ল’ব খোজাৰ ঘটনা প্ৰায়ে বৃদ্ধি পাব ধৰিছে৷ ভাৰতত তথ বিশেষকৈ অসমত প্ৰৱেশ কৰা বহু বাংলাদেশী নাগৰিকক ধৰিবলৈ সক্ষম হৈছে নিৰাপত্তাৰক্ষী৷ তেনে সময়তে পুনৰ এজন বাংলাদেশী নাগৰিকক ধৰিবলৈ সক্ষম হৈছে নিৰাপত্তাৰক্ষী৷ কালি অভিযান চলাই পুনৰ আন এজন বাংলাদেশী নাগৰিকক আটক কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী৷ বৰাক উপত্যকাৰ কৰিমগঞ্জত ভাৰত-বাংলাদেশ সীমান্তত বাংলাদেশী নাগৰিক মজিবুৰ ৰহমানক আটক কৰে। আন্তৰ্জাতিক সীমাৰ ওচৰত অভিযান চলাই আটক কৰা মজিবুৰ ৰহমানক অসম আৰক্ষীয়ে বাংলাদেশলৈ ঘূৰাই পঠিয়াই। মজিবুৰ ৰহমানক আটক কৰি উভতাই পঠিয়াবলৈ সক্ষম হোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰত-বাংলাদেশ সীমান্তত ধাৰাবাহিকভাৱে অব্যাহত আছে আমাৰ অনুপ্ৰৱেশ ৰোধৰ যুঁজ৷ অসম আৰক্ষীৰ দ্বাৰা কৰিমগঞ্জত মজিবুৰ ৰহমান নামৰ এজন বাংলাদেশী লোকক আটক কৰা হয়৷ পৰৱৰ্তী সময়ত অনুপ্ৰৱেশকাৰীজনক ওভতাই পঠোৱা হয়৷ ইপিনে ১ নৱেম্বৰ আৰু ২৫ অক্টোবৰত অসম আৰক্ষীয়ে কৰিমগঞ্জ জিলাৰ মাজেৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা কেইবাজনো বাংলাদেশী নাগৰিকক বাধা দিছিল। বিএছএফে কৰিমগঞ্জত অভিযান চলাই কবিৰ শিখধৰ আৰু মহম্মদ চেলিম নামৰ বাংলাদেশীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, শিখধৰ আৰু মহম্মদ চেলিমে সীমান্তৰ জনশূন্য এলেকাৰে দুই বাংলাদেশীয়ে গোপনে প্ৰৱেশ কৰি কৰিমগঞ্জত বাহৰ পাতি আছিল৷ প্ৰিয়ংকা গেইন আৰু শিউলি আখটাৰ নামৰ দুজন বাংলাদেশীক গ্ৰেপ্তাৰ কৰা হৈছিল৷ উল্লেখ্য যে, বাংলাদেশত গণ অভ্যুত্থানৰ পাছৰে পৰা বহু লোকে ভাৰতত প্ৰৱেশৰ চেষ্টা কৰি গৈছে৷ ইতিমধ্যে কেইবাজনো লোকক ভাৰতৰ সীমান্তৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ বহু লোকক সীমান্তৰ পৰা উভতাই পঠিয়াবলৈ সক্ষম হৈছে৷ ছাত্ৰ আন্দোলনত জৰ্জৰিত চুবুৰীয়া দেশখনত বহু লোকে সংস্থাপন হেৰুওৱাৰ লগতে তদানীন্তন শাসকীয় দল আৱামী লিগৰ একাংশ নেতাই প্ৰাণৰ সংশয়ত৷

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে