
অসম বিজেপিক শলাগ লৈছে ৰাষ্ট্ৰীয় নেতাই৷ বিজেপিৰ সদস্য ভৰ্তি অভিযান নিৰ্ধাৰিত লক্ষ্যৰ উপনীত হোৱাত শলাগ লয়৷ অসম ৰাজ্যিক বিজেপিয়ে সদস্যৰ সংখ্যা ৫০ লাখ অতিক্ৰম কৰাইছে৷ ইমানে নহয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিহাস ৰচিছে৷ হিমন্ত বিশ্ব শৰ্মাৰ জালুকবাৰী বিধানসভা সমষ্টিত সদস্য ভৰ্তি অভিযান ৰাজ্যৰ সমষ্টিসমূহৰ ভিতৰত শীৰ্ষত আছে৷ তাৰ মাজতে বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষে অসম বিজেপিক শুভেচ্ছা জ্ঞাপন কৰিছে৷ বি এল সন্তোষে কয় যে বিজেপিৰ সদস্যতা অভিযান-২০২৪ৰ দ্বিতীয় পৰ্যায়ত নিৰ্ধাৰিত লক্ষ্য অসম ৮৫ শতাংশ সম্পন্ন হৈছে৷ লগতে অৰুণাচল প্ৰদেশ ৬৫ শতাংশ আৰু ত্ৰিপুৰা লক্ষ্যৰ ৬০ শতাংশ, হাৰিয়ানা ৭৫ শতাংশ, মধ্য প্ৰদেশ ৭০ শতাংশ, গুজৰাট ৭০ শতাংশ, উত্তৰ প্ৰদেশ ৬৫ শতাংশ, উত্তৰাখণ্ড ৬৫ শতাংশ সম্পন্ন হৈছে। যাৰ বাবে অসম আৰু বাকী ৰাজ্যৰ নেতাসকল অভিনন্দন জনাই বি এল সন্তোষে৷ উল্লেখ্য যে অসমত বিজেপিৰ সদস্যৰ সংখ্যা ৫০ লাখ অতিক্ৰম কৰিছে। উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আৰু গুজৰাটৰ দৰে বৃহৎ ৰাজ্যৰ দৰেই অসমত ৫০ লাখ সদস্য ভৰ্তি সম্পন্ন হৈছে৷ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত ৬২টা সমষ্টিত সদস্য ভৰ্তিৰ সংখ্যা ৪০ হাজাৰৰ সংখ্যা অতিক্ৰম কৰিছে৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নেতা-কৰ্মীক শুভেচ্ছা জ্ঞাপন কৰি কয় যে অসমত বিজেপি সদস্য ভৰ্তি অভিযানে ৫১ লাখ মাইলৰ খুঁটি অতিক্ৰম কৰিছে৷ সদস্যৰ নামভৰ্তিৰ সংখ্যা ৪০ হাজাৰ অতিক্ৰম কৰা ৬২টা সমষ্টিত নিষ্ঠাবান কৰ্মকৰ্তাসকলক বিশেষ অভিবাদন৷