
গুৱাহাটীঃ ৰাজ্যৰ উন্নয়নক প্ৰভাৱিত কৰিব পৰা যিকোনো কাৰ্য বন্ধ কৰিবলৈ আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
স্বাধীনতা দিৱসত আলফা স্বাধীনে গুৱাহাটী, শিৱসাগৰ, লখিমপুৰ, নগাঁওকে ধৰি ৰাজ্যৰ ভিন্ন স্থানত বোমা বিস্ফোৰণৰ ভাবুকি দিয়াৰ পিছতে এই আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ নিৰাপত্তাৰ চিন্তাতকৈ ইতিবাচক অৰ্থনৈতিক উন্নয়নৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন বুলি মন্তব্য কৰে। তেওঁ কয় যে টাটাৰ অৰ্ধপৰিবাহী উদ্যোগ আৰু অন্যান্য প্ৰত্যাশিত ব্যৱসায়িক বিনিয়োগৰ জৰিয়তে অসম উল্লেখযোগ্য অৰ্থনৈতিক বিকাশ আৰু চাকৰি সৃষ্টিৰ বাবে সাজু হৈছে।
শৰ্মাই কয়, “আমাৰ প্ৰায় ১৪ লাখ নিবনুৱা যুৱক-যুৱতী আছে যিয়ে ৰাজ্যৰ ভিতৰতে সুযোগ বিচাৰিছে। বিঘ্নিতকাৰী কাৰ্য্যই এই সম্ভাৱনা আৰু আমাৰ ৰাজ্যৰ সুনাম বিপন্ন কৰিব পাৰে।’’
মুখ্যমন্ত্ৰীয়ে আলোচনাৰ জৰিয়তে সমস্যাসমূহ সমাধানৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰি কয় “মই পৰেশ বৰুৱা আৰু আলফাক আহ্বান জনাইছো যে অশান্তিৰ সৃষ্টি কৰাৰ পৰিৱৰ্তে আলোচনাৰ মেজলৈ আহক।’’