

মেঘালয়ত অসমৰ বাণিজ্যিক আৰু ব্যক্তিগত বাহনৰ প্ৰৱেশত বাধা দি অহাৰ সময়তে এইবাৰ মেঘালয়ত অসমৰ বাহনত আক্ৰমণ কৰাৰ খবৰ প্ৰকাশ পাইছে৷ তুৰাত মেঘালয়ৰ একাংশ উগ্ৰ চালকে অসমৰ এখন বাহনত আক্ৰমণৰ খবৰ পোৱা গৈছে৷
জানিব পৰা মতে, গোৱালপাৰাৰ এগৰাকী যুৱ ঠিকাদাৰে গাৰোপাহাৰ তথা তুৰালৈ গৈছিল৷ তুৰাত পথত দাঁতিত বাহনখন ৰখাই থয় ঠিকাদাৰজনে৷ সেই সময়তে একাংশ স্থানীয় চালকে অতৰ্কিতে ঠিকাদাৰৰ বাহনত প্ৰথমে শিল দলিয়াই গ্লাছ ভাঙি পেলায় আৰু পাছত বাহনৰ ল’ক ভাঙি পেলায়৷
কোনো কথাৰ অৱতাৰণা নকৰাকৈ বাহনত আক্ৰমণ কৰে তুৰাৰ চালকে৷ আক্ৰমণৰ বলি চালকজনে তুৰা আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল যদিও আৰক্ষীয়ে গোচৰ ৰুজু নকৰি অসমৰ যুকজনক তাৰ পৰা আতৰি আহিবলৈ কয়৷
এই ঘটনা সংঘটিত হোৱাৰ পাছতে দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানক বিতৰ্কিত বিষয়টোক গুৰুত্ব প্ৰদান কৰি অসমৰ চালকৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনায়৷