অসমৰ চাৰি জিলাক ‘অশান্ত অঞ্চল’ ঘোষণা, আফস্পাৰ ম্যাদ বৃদ্ধি

এই বছৰৰ ১৯ জানুৱাৰীত শ্বিলঙত উত্তৰ-পূব পৰিষদৰ ৭১ সংখ্যক পূৰ্ণাংগ অধিৱেশনত গৃহমন্ত্ৰী শ্বাহে দাবী কৰি কৈছিল যে অসম আৰু মণিপুৰৰ কিছু অংশৰ বাহিৰে ৭৫ শতাংশ অঞ্চলৰ পৰা আফস্পা আঁতৰ কৰা হৈছে৷ ৯ মাহ পূৰ্বে দেশৰ গৃহমন্ত্ৰীয়ে এই দাবী কৰিছিল যদিও পুনৰ সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ সময় বৃদ্ধি কৰিলে কেন্দ্ৰীয় চৰকাৰে৷ আগন্তুক ছয়মাহলৈ ‘অশান্ত অঞ্চল’ হিচাপে ঘোষণা কৰি চাৰিখন জিলাত আফস্পাৰ সময় বৃদ্ধি কৰিলে কেন্দ্ৰীয় চৰকাৰে৷ এইবাৰ দোহাই দিয়া হৈছে বাংলাদেশৰ পৰিস্থিতিক৷ উজনিৰ ৰাজ্যিক তথা ৰাষ্ট্ৰীয় সীমান্তৱৰ্তী তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ আৰু শিৱসাগৰ জিলাত কাৰ্যকৰী কৰা হ’ব এই নিৰ্দেশনা৷ কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা এক নিৰ্দেশনাত বাংলাদেশৰ পৰিস্থিতি আৰু আভ্যন্তৰীণ আইন-শৃংখলা পৰিস্থিতিক আধাৰ কৰি চাৰিখন জিলাত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ ছয় মাহৰ বাবে বৃদ্ধি কৰা হৈছে বুলি উল্লেখ কৰিছে৷ এই নিৰ্দেশনাৰ ভিত্তিত আগন্তুক ছয়মাহলৈ জিলা চাৰিখন ‘অশান্ত অঞ্চল’ হিচাপে পৰিগণিত হৈ থাকিব বুলি জাননীখনত কোৱা হৈছে। এই নিৰ্দেশনাৰ পাছতে উজনিৰ এই চাৰি জিলাত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতাৰ অধীনত ‘অশান্ত অঞ্চল’ হৈ থাকিব৷ ১ অক্টোবৰৰ পৰা আৰু ছয় মাহলৈ বাহাল থাকিব৷ ১৯৯০ চনত অসমত প্ৰথমবাৰ আফস্পা বলৱৎ কৰা হৈছিল৷ তেতিয়াৰ পৰাই প্ৰতি ছয়মাহৰ মূৰে মূৰে ম্যাদ বৃদ্ধি কৰি থকা হৈছে৷ নিৰাপত্তা বাহিনীক যিকোনো স্থানত, যিকোনো পৰ্যায়ত অভিযান আৰু সন্দেহ হ’লে গ্ৰেপ্তাৰ কৰা বন্দী কৰাৰ ক্ষমতা দিয়ে৷ কিন্তু ১৯৯০ চনৰ পৰাই অসমৰ ৰাইজে এই ক’লা আইনখন সম্পূূণ ৰূপে প্ৰত্যাহাৰ কাৰৰ দাবীত আন্দোলন কৰি আহিছে৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো উত্তৰ-পূৰ্বাঞ্চলত স্থায়ী শান্তি অহাৰ দাবী কৰি আহিছে৷ কিন্তু বিগত এটা বছৰে মণিপুৰ জ্বলি আছে৷ ইপিনে অসমৰ চাৰিখন জিলাত পুনৰবাৰ ছয়মাহৰ বাবে আফস্পাৰ ম্যায় বৃদ্ধি কৰা হৈছে৷

  • Brahmaputra Times

    Related Posts

    চামগুৰিতেই সৰ্বাধিক গুণ্ডাৰাজঃ আমিনুল ইছলাম

    ডিজিটেল ডেস্কঃ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি মঙলবাৰে কংগ্ৰেছ আৰু বিজেপি দলৰ কৰ্মী-সমৰ্থকৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ মন্তব্য কৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । চামগুৰি…

    ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ…

    ডিজিটেল ডেস্কঃ  ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা ৩.০ । ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ কৰিবলৈ কেবিনেটে অনুমোদন দিছে । বসুন্ধৰা ৩.০ ত অহা ৩১ ডিচেম্বৰলৈ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক