
বিধানসভাত ২০২৫-২৬ বৰ্ষৰ বাজেট বিত্তমন্ত্ৰী অজন্তা নেওগে উত্থাপন কৰাৰ কিছু সময় পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাজেটখনক উচ্চ প্ৰশংসা কৰে৷ আদৰ্শ আৰু ভৱিষ্যতক বাজেটখনক এক অন্যান্য সমাহেৰেৰে উপচাই তোলাৰ বাবে মুখ্যমন্ত্ৰীয়ে বিত্তমন্ত্ৰী অজন্তা নেওগক ধন্যবাদ যাচে৷ ২০১৫-১৬ বৰ্ষৰ উদাহৰণ দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৬৬,১৪২ কোটি টকাৰ বাজেট৷ খৰচ কৰিছিল ৪১ হাজাৰ কোটি৷ ৪১ হাজাৰ কোটি টকাত বছৰ চলা ৰাজ্যখন এতিয়া দহ বছৰৰ পিছত ১ লাখ ৪৪ হাজাৰ কোটি টকা বাজেট৷ কম ঋণ লোৱা ৰাজ্যসমূহৰ তালিকাত আজি অসমে স্থাপন লাভ কৰিছে৷ পাঞ্জাৱ, হিমাচল, অৰুণাচল, পশ্চিমবংগ, নাগালেণ্ড, কেৰালা, ৰাজস্থান, বিহাৰ, মেঘালয়, তামিলুনাডু, মধ্য প্ৰদেশতকৈ ঋণ কম৷ ৰাষ্ট্ৰীয় গঢ় বৃদ্ধিৰ ক্ষেত্ৰত অসমৰ গঢ় বৃদ্ধি হৈছে৷ অসম এখন কাৰোবাৰ মুখলৈ চাই থকা এখন ৰাজ্য হ’ব নালাগে৷ ভাৰতবৰ্ষৰ প্ৰগতিত অসমে বৰঙণি যোগাব লাগে৷ সমগ্ৰ দেশৰ ১০ শতাংশ বিকাশৰ পৰিৱৰ্তে অসমৰ ১৩ শতাংশ বিকাশ হ’ব৷ অসমে ৰাজ্যৰ ভৱিষ্যতৰ বাবে কাম কৰি আহিছে৷ বহু সময়ত আমাৰ চৰকাৰে ঋণ কিমান লয় তাক লৈ আলোচনা কৰা হয়৷ আমি সম্পত্তি বৃদ্ধি কৰিছো৷ যিসকলে অৰ্থনীতি বুজি পায় তেওঁলোকে আমাক সমালোচনা নকৰে৷ যোৱা ১০ বছৰত ৰাজহুৱা উদ্যোগত যোৱা ১০ বছৰত নতুন গতি দিয়া হৈছে৷ বৰ্তমান ৰাজহুৱা প্ৰতিষ্ঠানৰ মুঠ মূল্য হৈছে ৪০ হাজাৰ ৩৮০ কোটি টকা বুলি কয় মুখ্যমন্ত্ৰীয়ে৷ সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে হাতী-মানুহৰ সংঘাত বন্ধ কৰাৰ প্ৰসংগ উল্লেখ কৰি কয় যে হাতীৰ খাদ্যৰ সৃষ্টি কৰা আৰু জৈৱ গেছৰ উৎপাদন কৰাৰ বাবে বাজেটত এক উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ঘাঁহ খেতিৰ জৰিয়তে হাতী-মানুহৰ সংঘাত দূৰীকৰণৰ ক্ষেত্ৰত প্ৰচেষ্টা ল’ব। হাতী-মানুহৰ সংঘাত থকা ৫ খন জিলা-গোৱালপাৰা, ওদালগুৰি, নগাঁও, বাক্সা আৰু শোণিতপুৰত গজমিত্র কাৰ্যসূচী গ্ৰহণ কৰিছে। পশু খাদ্যই প্রাকৃতিক বাধা হিচাপে কাম কৰি শস্য পথাৰত হাতীৰ উপদ্ৰৱ হ্ৰাস কৰাৰ লগতে ঘনীভূত জৈৱ গেছৰ উৎপাদনতো সহায় কৰিব। জৈৱ গেছ উৎপাদন কৰাৰ বাবে অসম চৰকাৰে ইতিমধ্যে ৰিলায়েন্সৰ লগত বুজাবুজিৰ চুক্তি সম্পাদন কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৈদ্যুতিক বাহনৰ ব্যৱহাৰ বৃদ্ধি কৰা হ’ব। ইন্ধন চালিত বাহনৰ ব্যৱহাৰ বন্ধ কৰা হ’ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভ্ৰমণৰ বাবে ব্যৱহৃত পুৰণি জিপ্ছিবোৰ আঁতৰাই আমি নতুন বাহন, বিশেষকৈ বৈদ্যুতিক বাহন যোগান ধৰিম। হলৌ- সোণালী বান্দৰ, আন বান্দৰ প্ৰজাতিৰ জন্তুবোৰে সঘনাই পাৰ হোৱা পথ আৰু ৰে’ল লাইনৰ অংশবোৰত বিজ্ঞানসন্মত আৰ্হিৰে সুৰক্ষা জালসহ মজবুত ওলোমা দলং নিৰ্মাণেৰে সুৰক্ষিত আহ-যাহ নিশ্চিত কৰা হ’ব৷ অসমত বানপানীৰ আগজাননী আৰু অবৈধ কয়লা খননৰ দৰে কাৰ্যকলাপ আৰু বাংলাদেশী নাগৰিকৰ অবৈধ প্ৰৱেশ ৰোধৰ ক্ষেত্ৰত অসম চৰকাৰে কৃত্রিম উপগ্রহৰ সহায় ল’ব । এই কৃত্রিম উপগ্রহ অসম চৰকাৰৰ নিজা হ’ব । সোমবাৰে এক সংবাদমেল যোগে এই কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই৷ বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাজেটৰ উল্লেখযোগ্য দিশসমূহ বাখ্যা কৰি কয় কেন্দ্ৰীয় চৰকাৰৰ মহাকাশ বিভাগৰ অধীনস্থ ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ উদগনি আৰু কৰ্তৃত্ব প্রদান কেন্দ্রৰ সহযোগত আমি আমাৰ নিজা কৃত্রিম উপগ্রহ আছামছাট স্থাপন কৰিব বিচাৰিছো। এই ব্যৱস্থাই আমাৰ কৃষি, দুর্যোগ ব্যৱস্থাপনা, আন্তঃগাঁথনি বিকাশ, সীমান্ত সুৰক্ষা ব্যৱস্থাপনা আৰু আৰক্ষীৰ অভিযান আদিৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব। এই প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “এই ব্যৱস্থা হ’লে অসম ভাৰতৰ ভিতৰত প্ৰথম নিজা কৃত্ৰিম উপগ্ৰহ থকা ৰাজ্য হ’ব । এই কৃত্ৰিম উপগ্ৰহৰে অৰুণাচলত ব্ৰহ্মপুত্ৰ নদীৰ পৰা অসমত বানপানী সৃষ্টি হ’ব বুলি পূৰ্বানুমান কৰিব পৰা যাব । লগতে উমৰাংছ’ৰ দৰে অসমৰ ক’ৰবাত অবৈধ কয়লা খনন হৈ থকাৰ ঘটনাৰ আগতীয়া খবৰ পোৱা যাব । অসমত ভাৰত-বাংলাদেশ সীমান্তৰে অবৈধ বাংলাদেশী প্ৰৱেশৰ খবৰ পোৱা যাব। এইক্ষেত্ৰত আৰক্ষীয়ে আগতীয়াকৈ খৰতকীয়া ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত সক্ষম হ’ব। ৰাজ্যখনত অৰ্থনৈতিক বিকাশ, প্ৰযুক্তিগত উন্নতি আৰু সামাজিক সম্প্ৰীতিৰ মাজত ভাৰসাম্য ৰখাৰ লক্ষ্যৰে চৰকাৰী গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু নীতিগত সিদ্ধান্তৰ কথা উল্লেখ কৰে। ভূমি নিয়মাৱলী সন্দৰ্ভত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসম এখন অতি সংবেদনশীল ৰাজ্য৷ আমি যিকোনো সাম্প্ৰদায়িক বিভ্ৰান্তি প্ৰতিৰোধ কৰাৰ লক্ষ্য ৰাখিছো। আমি কিছুমান জটিল পৰিস্থিতিৰ বাবে আন্তঃধৰ্মীয় ভূমি স্থানান্তৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিলো। এতিয়া এনে লেনদেনৰ অনুমতি দিছো যদিহে তেওঁলোকে ৰাজ্য চৰকাৰৰ পৰা আগতীয়া অনুমোদন প্ৰাপ্ত কৰে। এই পদক্ষেপে নিশ্চিত কৰে যে অনুমতি দিয়াৰ আগতে প্ৰতিটো ঘটনাৰ ভালদৰে পৰ্যালোচনা কৰা হয়। অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী শৰ্মাই অসমক দেশৰ এখন আগশাৰীৰ ৰাজ্য হিচাপে স্থান দিয়াৰ বাবে চেষ্টা কৰি দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ উন্নতিৰ বাবে অসমক চিকিৎসা পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে প্ৰটন বীম থেৰাপী প্ৰৱৰ্তনৰ কথা আলোকপাত কৰে।