জনপ্ৰিয় অভিনেতা, অসম সন্তান আদিল হুছেইনলৈ ২০২৪ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা।
নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে আগবঢ়াব এই বঁটা।
উল্লেখ্য যে, অসমৰ গোৱালপাৰাৰ পৰা গৈ বিশ্ব দৰবাৰত খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা এগৰাকী প্ৰখ্যাত অভিনেতা হৈছে আদিল হুছেইন।
হিন্দী ছবিৰ লগতে ভাৰতৰ অন্য ভাষাৰ ছবি আৰু হলীউডৰ একাধিক ছবিতো অভিনয় কৰি দৰ্শকৰ হৃদয় জয় কৰিছে অসম সন্তানগৰাকীয়ে।
আদিল হুছেইনক আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা কৰাৰ পিছতে আনন্দ প্ৰকাশ কৰিছে তেওঁৰ অসংখ্য অনুৰাগীয়ে।