
গুৱাহাটীত পুনৰ বৃদ্ধি পাব গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ মূল্য।
জুন আৰু জুলাই মাহত দুবাৰকৈ মূল্য বৃদ্ধিৰ পিছত চলিত বছৰটোত তৃতীয় বাৰৰ বাবে গাখীৰৰ দাম বৃদ্ধি কৰিবলৈ সাজু হৈছে বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাই।
সেই অনুসৰি অহা ১ ছেপ্টেম্বৰৰ পৰা গুৱাহাটীত প্ৰতিলিটাৰ গাখীৰত বৃদ্ধি পাব ৩ টকাকৈ। ইয়াৰ পিছতে গ্ৰাহকৰ বাবে প্ৰতিলিটাৰ গাখীৰৰ মূল্য হ’ব ৬৭ টকা।
আনহাতে গাখীৰৰ পাইকাৰী মূল্যও বৃদ্ধিৰ ঘোষণা কৰিছে দুগ্ধ ব্যৱসায়ী সন্থাই।
বৰ্তমান পাইকাৰী গাখীৰ প্ৰতি লিটাৰত ৬১.৪০ টকাত বিক্ৰী হয়। ১ ছেপ্টেম্বৰৰ পৰা পাইকাৰী মূল্য ৩ টকা বৃদ্ধি পাব। ফলত প্ৰতি লিটাৰত ৬৪.৪০ টকা হ’ব।
পাইকাৰী মূল্যৰ এই বৃদ্ধিয়ে খুচুৰা বজাৰতো প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে।
নেপালী মন্দিৰত এক সংবাদমেলত সন্থাটোৰ এগৰাকী নেতাই কয়, ”আমি হোটেল মালিকক প্ৰতি দিনে গাখীৰ বিক্ৰী কৰি আহিছো। ১ ছেপ্টেম্বৰৰ পৰা আমি পাইকাৰী মূল্য ৩ টকা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছো। যাৰ ফলত প্ৰতি লিটাৰত ৬৪.৪০ টকা হ’ব। আমি আশা কৰিছো যে এই সময়ছোৱাত হোটেল মালিককে ধৰি আমাৰ গ্ৰাহকসকলে আমাক সহযোগ কৰিব।’’
ইয়াৰ উপৰি দুগ্ধ ব্যৱসায়ী সন্থাই জনসাধাৰণক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে যাতে নিৰ্ধাৰিত প্ৰতি লিটাৰত ৬৭ টকাতকৈ অধিক ধন কোনে সংগ্ৰহ কৰিব নোৱাৰে।
বিষয়াগৰাকীয়ে লগতে প্ৰশাসনক অনুৰোধ জনাই যাতে কোনো ধৰণৰ অতিৰিক্ত মূল্য কোনেও গ্ৰাহকৰ পৰা আদায় কৰিব নোৱাৰে।