আজি অসমবাসীৰ বাবে বিশেষ দিন, আহোমৰ মেদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি

অসমৰ ইতিহাসত বিশেষ দিন হৈ ৰ’ল আজিৰ দিনটো৷ ২০২৪ চনৰ ২৬ জুলাইৰ দিনটোতে অসমে লাভ কৰিলে বিশেষ স্বীকৃতি৷ নানা জল্পনা-কল্পনাৰ অন্তত আহোম যুগৰ কীৰ্তিচিহ্নই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে৷ আহোমৰ ৭০০ বছৰীয়া ঐতিহ্যবহনকাৰী চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰে৷ এই খবৰে ৰাজ্যবাসীক আনন্দিত কৰিছে৷ ২৫ জুলাইৰ নিশা ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বীকৃতি প্ৰদানৰ আশা ব্যক্ত কৰিছিল৷ ড০ হিমন্ত বিশ্ব শৰ্মাই ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ সকলোকে আহ্বান জনাইছিল।

২০১৪ চনতে চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰাৰম্ভিক তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ইউনেস্কোলৈ প্ৰেৰণ কৰিছিল৷ চৰাইদেউ মৈদাম ক্ষেত্ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্তি হ’ব বুলি সকলোৱে আশা প্ৰকাশ কৰিছিল। কিন্তু এটা দশকৰ অন্তত নতুন দিল্লীত অনুষ্ঠিত ইউনেস্কোৰ ৪৬ সংখ্যক অধিৱেশনত চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদান কৰা হয়।

বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভত চৰাইদেউবাসীৰ মনত উছাহ দেখা গৈছে৷ ঐতিহাসিক দিনটোত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে মৈদাম ক্ষেত্ৰত। মৈদাম ক্ষেত্ৰত ৫৭৮ বিঘা ভূমিত ৪২ গৰাকী আহোম ৰজাৰ সমাধিস্থল আছে। মৈদামৰ কাষত বিভিন্ন সৰু সৰু মৈদাম ৰজাৰ পৰিয়ালৰ সদস্যৰ সমাধিস্থল। আহোম ৰাজবংশৰ কোনো লোকৰ মৃত্যু হ’লে চৰাইদেউলৈ আনি সমাধিস্থ কৰি মৈদাম স্থাপন কৰা হৈছিল।

  • Brahmaputra Times

    Related Posts

    চামগুৰিতেই সৰ্বাধিক গুণ্ডাৰাজঃ আমিনুল ইছলাম

    ডিজিটেল ডেস্কঃ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি মঙলবাৰে কংগ্ৰেছ আৰু বিজেপি দলৰ কৰ্মী-সমৰ্থকৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ মন্তব্য কৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । চামগুৰি…

    ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ…

    ডিজিটেল ডেস্কঃ  ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা ৩.০ । ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ কৰিবলৈ কেবিনেটে অনুমোদন দিছে । বসুন্ধৰা ৩.০ ত অহা ৩১ ডিচেম্বৰলৈ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক