আমেৰিকাত প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত ভাৰতীয় ধনকুবেৰ আদানি, গ্ৰেপ্তাৰি পৰোৱানা জাৰি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ গৌতম আদানীৰ বিৰুদ্ধে হাজাৰ হাজাৰ কোটি টকাৰ ঘোটালা সংঘটিত কৰা আৰু ৰাজহুৱা সম্পত্তি দখল কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে কংগ্ৰেছ দলে৷ ৬২ বছৰীয়া গৌতম আদানিৰ বন্দৰ, বিমানবন্দৰৰ, শক্তি, খনন আদিকে ধৰি বিগত ১০ বছৰত ব্যৱসায়িক সাম্ৰাজ্য গঢ়ি তুলিছে৷ এছিয়াৰ অন্যতম ধনীৰ তালিকাত আছে আদানী৷ ইয়াৰ পূৰ্বে অবৈধ চেল কোম্পানীৰ জড়িয়তে শ্বেয়াৰ মাৰ্কেটত কাৰচাজি কৰি বিনিয়োগকাৰীক আকৃষ্ট কৰাৰ অভিযোগ আনিছিল আমেৰিকাৰ গৱেষক সংস্থা হিণ্ডেনবাৰ্গে৷ এইবাৰ আমেৰিকা যুক্ত ৰাষ্ট্ৰই বিনিয়োগকাৰীক মিছা তথ্যৰে প্ৰলোভিত কৰি বণ্ডৰ জড়িয়তে ধন সংগ্ৰহ কৰাৰ অভিযোগত আমেৰিকা যুক্তৰাষ্ট্ৰত গোচৰ ৰুজু হৈছে গৌতম আদানীৰ বিৰুদ্ধে৷ কেৱল গোচৰেই নহয় গ্ৰেপ্তাৰি পৰোৱানা জাৰি কৰা হৈছে৷ গৌতম আদানিৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপিত হৈছে৷ নিউয়ৰ্কত দাখিল কৰা অপৰাধমূলক অভিযোগত এছিয়াৰ অন্যতম ধনী ব্যক্তি ৬২ বছৰীয়া আদানিৰ বাবে আঘাত হিচাপে গণ্য কৰা হৈছে৷ কিন্তু আদানি গ্ৰুপে অভিযোগ অস্বীকাৰ কৰিছে আৰু ভিত্তিহীন বুলি অভিহিত কৰিছে। জানিব পৰা মতে, আদানি গ্ৰীণ এনাৰ্জি লিমিটেড ভাৰত চৰকাৰৰ ১২ গিগাৱাট সৌৰ শক্তি প্ৰকল্প লাভ কৰিবলৈ এই প্ৰৱঞ্চনা কৰিছিল। সৌৰ শক্তি প্ৰকল্পৰ কাম লাভ কৰিবলৈ ভাৰত চৰকাৰৰ বিষয়াক প্ৰায় ২২০০ কোটি টকা ঘোচ লৈছিল৷ বিষয়াক ঘোচ দিয়া টকা আমেৰিকাৰ বিনিয়োগকাৰীৰ পৰা বণ্ড যোগে সংগ্ৰহ কৰিছিল৷ কিন্তু বিষয়াক ঘোচ দিয়াটো সঁচা নে? সৌৰ শক্তি প্ৰকল্পৰ কাম আদানী গ্ৰুপে সঁচাকৈ লাভ কৰিছিল নে? কিন্তু আমেৰিকাৰ বিনিয়োগকাৰীক ভুৱা তথ্য দি প্ৰৱঞ্চনা কৰিছিল সেয়া সঁটা প্ৰমাণিত হৈছে৷ গৌতম আদানিৰ বিৰুদ্ধে বিনিয়োগকাৰীসকলক প্ৰৱঞ্চনা কৰাৰ অভিযোগ আছে। গৌতম আদানিক উৎকোচ আৰু প্ৰৱঞ্চনা গোচৰত নিউয়ৰ্কত অভিযুক্ত কৰা হৈছে। গৌতম আদানি আৰু আন ৭ জনৰ বিৰুদ্ধে আমেৰিকাৰ বিনিয়োগকাৰীক প্ৰৱঞ্চনা কৰা আৰু চৰকাৰী বিষয়াক উৎকোচ দিয়াৰ অভিযোগ কেৱল অভিযুক্ত কৰাই নহয় গ্ৰেপ্তাৰি পৰোৱানা জাৰি কৰা হৈছে৷ গৌতম আদানিক নিউয়ৰ্কৰ ফেডাৰেল আদালতে সৌৰ চুক্তিৰ বাবে ২,১০০ কোটি টকা উৎকোচ দিয়া আৰু আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰীসকলক বিপথে পৰিচালিত কৰাৰ বাবে দোষী সাব্যস্ত কৰিছে। কিন্তু আদানি এণ্টাৰপ্ৰাইজে ৬০০ নিযুত ডলাৰৰ বণ্ড বাতিল কৰে৷ আমেৰিকা তদন্তকাৰী কৰ্তৃপক্ষই জাৰি কৰা তথ্য মতে, আদানি আৰু তেওঁৰ ভতিজা সাগৰ আদানিকে ধৰি আন ৭ জনে ভাৰত চৰকাৰৰ বিষয়াসকলক প্ৰায় ২৬৫ নিযুত ডলাৰ উৎকোচ দিয়ে৷ ফলত ভাৰতৰ সৰ্ববৃহৎ সৌৰ প্ৰকল্প লাভ কৰিব আৰু তাৰ পৰা ২০ বছৰত ২ বিলিয়ন ডলাৰ লাভ হ’ব বুলি আশ্বস্ত কৰিছিল আমেৰিকাৰ বিনিয়োগকাৰীক। আদানি আৰু আদানি গ্ৰীণ এনাৰ্জীৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া বিনীত জৈনে আমেৰিকাৰ বিনিয়োগকাৰীক প্ৰৱঞ্চনা কৰি ৩ বিলিয়ন ডলাৰৰ অধিক ঋণ আৰু বণ্ড সংগ্ৰহ কৰিছিল৷ গৌতম আদানিক ব্যক্তিগতভাৱে ‘দ্য বিগ মেন’ৰ কোড নম্বৰেৰে সম্বোধন কৰিছিল৷ এই সমস্ত দুৰ্নীতিৰ তথ্য মজুত আছে বুলি কয় আমেৰিকা কৰ্তৃপক্ষই৷

  • Related Posts

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পশ্চিমবংগত পুনৰ সংঘটিত হৈছে বৰ্বৰ ধৰ্ষণকাণ্ড৷ আৰ জি কৰ ধৰ্ষণ কাণ্ডৰ পিছতে পৰিস্থিতি ক্ষান্ত হৈছিল যদিও এইবাৰ আইনৰ ছাত্ৰীৰ সৈতে সংঘটিত বৰ্বৰ কাণ্ডক লৈ পশ্চিমবংগ উত্তাল হৈ পৰিছে৷ এইবাৰ বীভৎস…

    কাটাৰৰ আমেৰিকাৰ সেনাৰ ঘাটিত ইৰাণৰ আক্ৰমণ

    আমেৰিকাই ইৰাণৰ নিউক্লিয়াৰ ঘাটিত আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে আজি ইৰাণে কাটাৰত থকা আমেৰিকান সেনাৰ বেছত ছয়টা মিছাইলেৰে আক্ৰমণ কৰে৷ আক্ৰমণৰ পিছতে কাতাৰৰ আকাশপথ সাময়িকভাৱে বন্ধ কৰা হৈছে৷ আজি ইৰানে কাটাৰৰ আকাশপথ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে