আলফা স্বাধীনক সকিয়নী DGP জি পি সিঙৰ, ক’লে- অসম আৰক্ষী ব্যৰ্থ হোৱা নাই

গুৱাহাটীঃ অসমৰ বাহিৰত থাকি কিদৰে দেখিব অসমৰ সাম্প্ৰতিক উন্নয়নৰ ছবি। – আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক এই প্ৰশ্ন কৰি অসমৰ ক্ষতি কৰিব পৰা কোনো ধৰণৰ কামৰ পৰা বিৰত থাকিবলৈ সকিয়নী প্ৰদান কৰিছে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে।

অসমৰ ক্ষতি কৰিব পৰা অপশক্তিৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰি ডিজিপি জি পি সিঙে প্ৰৰোচনা বা উচতনিত বেয়া কাম নকৰিবলৈ নৱ প্ৰজন্মকো আহ্বান জনায়। তেওঁ লগতে সকিয়াই দিয়ে যে বেয়া কাম কৰিলে শাস্তিৰ সন্মুখীন হ’ব লাগিব।

উল্লেখ্য যে, ১৫ আগষ্টৰ দিনটোত ৰাজ্যৰ ২৫টা ভিন্ন স্থানত বোমা সংস্থাপন কৰাৰ কথা সদৰী কৰিছিল আলফা স্বাধীনে। আলফাই এক বিবৃতিযোগে বোমা সংস্থাপন কৰা ঠাইসমূহ ৰাজহুৱা কৰাৰ পিছতহে এই বোমা সংস্থাপনৰ বিষয়ে জানিব পাৰে আৰক্ষীয়েও। এনে পৰিপ্ৰেক্ষিতত আৰক্ষী আৰু ৰাজ্যৰ গৃহ বিভাগৰ ব্যৰ্থতাক লৈ চৰ্চা হৈছে সামাজিক মাধ্যমতো।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া দি জি পি সিঙে কয় যে শেহতীয়া ঘটনাক লৈ অসম আৰক্ষীয়ে অসহায়বোধ কৰা নাই৷ অসম আৰক্ষী ব্যৰ্থ হোৱা নাই বুলি মন্তব্য কৰে ডিজিপি সিঙে। আগন্তুক ৫০ বছৰৰ অসমৰ উন্নয়নক লৈ অসম আৰক্ষী সচেষ্ট বুলি কয় জি পি সিঙে।

উল্লেখযোগ্য যে, তেজপুৰ বিশ্ববিদ্যালয়ত আজি অনুষ্ঠিত দীক্ষান্ত সমাৰোহত মুখ্য অতিথিৰূপে উপস্থিত থাকে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানগৰাকী৷ জি পি সিঙে ছাত্ৰ-ছাত্ৰীৰ সৈতে এক অন্তৰংগ বাৰ্তালাপতো মিলিত হয়৷

  • Brahmaputra Times

    Related Posts

    জনতা ভৱনত ধৰা পৰা খকুৱা পাৰ্থৰ ঘৰত টকাৰ উজান, উদ্ধাৰ হ’ল ৪৭ লাখ

    ডিজিটেল ডেস্কঃ  এইবাৰ অসম চৰকাৰৰ বৰঘৰতে হাত দাঙিলে এজন আবকাৰী বিষয়াই ৷ ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ড জনতা ভৱনতে হাত দাঙিলে এজন আবকাৰী বিষয়াই । অভিযুক্ত ঘোচখোৰ আবকাৰী বিষয়াজন পাৰ্থ হাজৰিকা ৷…

    বহিঃৰাষ্ট্ৰৰ পৰা নিয়ন্ত্ৰণ হয় কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ছ’চিয়েল মিডিয়া: জয়ন্ত মল্ল

    ডিজিটেল সংবাদঃ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ছ’চিয়েল মিডিয়াৰ হেণ্ডেল বহিঃৰাষ্ট্ৰৰ পৰা নিয়ন্ত্ৰণ হয় বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অভিযোগ কৰিছে। সামাজিক মাধ্যমত মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ শীৰ্ষ নেতাসকলৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰি কয়…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    দ্বিতীয়বাৰ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে নয়াব সিং ছৈনীয়ে

    দ্বিতীয়বাৰ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে নয়াব সিং ছৈনীয়ে

    ১০ অক্টোবৰত অৱসৰ ল’ব ডি ৱাই চন্দ্ৰচূড়ে…

    ১০ অক্টোবৰত অৱসৰ ল’ব ডি ৱাই চন্দ্ৰচূড়ে…

    সৰ্বানন্দ সোণোৱালসহ দেশৰ ৯ গৰাকীকৈ জ্যেষ্ঠ নেতাৰ পৰা আতৰিব এন এছ জিৰ নিৰাপত্তা

    সৰ্বানন্দ সোণোৱালসহ দেশৰ ৯ গৰাকীকৈ জ্যেষ্ঠ নেতাৰ পৰা আতৰিব এন এছ জিৰ নিৰাপত্তা

    ন্যায়ালয়ৰ ৰায়ক আদৰণি চিপিআইএমৰ, কা’ৰ প্ৰয়োগ বন্ধ কৰাৰ দাবী

    ন্যায়ালয়ৰ ৰায়ক আদৰণি চিপিআইএমৰ, কা’ৰ প্ৰয়োগ বন্ধ কৰাৰ দাবী

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?